ETV Bharat / state

প্ৰশ্নকাকত ফাদিল কৰি আটক পৰীক্ষাৰ্থী

author img

By

Published : Mar 9, 2020, 9:23 AM IST

প্ৰাৰ্থী গৰাকীয়ে প্ৰশ্ন কাকতৰ ফটো ম'বাইলেৰে তুলি "কুইক ৰেচপন্স গ্ৰুপ" নামৰ এটি হোৱাটচ এপ গ্ৰুপত আপলোড দিছিল ।

NALBARI CANDIDATE ARREST
প্ৰশ্নকাকত ফাদিল কৰি আটক পৰীক্ষাৰ্থী

নলবাৰী, 9 মাৰ্চঃ নলবাৰীত আটক হ'ল এগৰাকী পৰীক্ষাৰ্থী । উপাযুক্ত কাৰ্যালয়ৰ কনিষ্ঠ সহায়কৰ পদৰ বাবে দেওবাৰে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা । জানিব পৰা মতে মুকালমুৱা ভাঙনমাৰীৰ শুকচান্দ আলী নামৰ প্ৰাৰ্থী গৰাকীয়ে প্ৰশ্ন কাকতৰ ফটো ম'বাইলেৰে তুলি "কুইক ৰেচপন্স গ্ৰুপ" নামৰ এটি হোৱাটচ এপ গ্ৰুপত আপলোড দিছিল । লগে লগেই নিৰীক্ষকে পৰীক্ষাৰ্থী গৰাকীৰ এই অসৎ কাৰ্য ধৰা পেলাই নলবাৰী আৰক্ষীক গতাই দিয়ে ।

প্ৰশ্নকাকত ফাদিল কৰি আটক পৰীক্ষাৰ্থী

ইতিমধ্যে নলবাৰী জিলা প্ৰশাসনৰ ফালৰ পৰাও এই সম্পৰ্কে বিশেষ গুৰুত্ব আৰোপ কৰা দেখা গৈছে । অৱশ্যে বিষটোৰ উচিত তদন্তৰ স্বাৰ্থত আৰক্ষী অথবা নলবাৰী জিলা প্ৰশাসনে সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.