মঙলদৈ, 3 জানুৱাৰী: প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত তথা সজাগতা বৃদ্ধিৰ উদ্দেশ্যে অসমৰ এগৰাকী প্ৰকৃতি প্ৰেমী যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ ৷ প্ৰকৃতি ৰক্ষাৰ লগতে এক শান্তিৰ পৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনলৈ পদযাত্ৰা আৰম্ভ কৰিছে মঙ্গলদৈৰ গৌৰি শংকৰ কলিতা নামৰ যুৱকজনে ৷ প্ৰতিদিনে ৩০ কিলোমিটাৰকৈ সম্পূৰ্ণ আঢ়ৈ মাহত এই যাত্ৰা সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে যুৱকজনে ৷
দুদিন পূৰ্বে গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰা যুৱকজনে খোজ কাঢ়ি গৈ বৃহস্পতিবাৰে সন্ধিয়া নলবাৰীত উপস্থিত হয়৷ নিশাটো নলবাৰীত কটাই শুকুৰবাৰে পুনৰ বৰমা অভিমুখে যাত্ৰা আৰম্ভ কৰিছে যুৱকজনে ৷
উল্লেখ্য যে নলবাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে নলবাৰী শ্বহীদ ভৱন বাকৰিত জিলা ছাত্ৰ সন্থা আৰু প্ৰকৃতি প্ৰেমী লোকে সম্ভাষণ জনায় গৌৰি শংকৰক ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি যুৱকজনৰ উদ্দেশ্য সফল হোৱাৰ আশা ব্যক্ত কৰি সম্ভাষণ জনায় প্ৰকৃতিপ্ৰেমী তথা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিমান বৰ্মন, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভৱজিত বেজবৰুৱা, জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকৰ লগতে নলবাৰী ছাত্ৰ সন্থাৰ বহু কেইজন বিষয় ববীয়াই ৷ উল্লেখ্য যে মঙ্গলদৈৰ যুৱকজনৰ এই প্ৰয়াসত সহায় আগবঢ়াইছে 'উৰণীয়া মৌ' নামৰ এটা সংস্থাই ৷
লগতে পঢ়ক: ৰাজ্যৰ দুই বিশিষ্ট বুদ্ধীজীৱীক সমালোচনা বিধায়ক বিমল বৰাৰ