নলবাৰী, 12 ছেপ্তেম্বৰঃ বিগত ১৫ বছৰৰ শাসন কালত তৰুণ গগৈয়ে কৈছিল "হু ইজ বদৰুদ্দিন" ; কিন্তু বদৰুদ্দিন আজমল এতিয়া তৰুণ গগৈৰ বন্ধু হ'ল । কংগ্ৰেছ দলে নিজৰ স্বৰূপ নিজেই উদঙাইছে, অসমৰ ৰাইজে বুজিবলৈ আৰু বাকী নাই । বিজেপি দলে অকল খিলঞ্জীয়াৰে নহয় অসমৰ সকলো ৰাইজৰ পৰা সঁহাৰি পাব ৷ শুকুৰবাৰে ভাৰতীয় জনতা দলৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত স্বয়ম্বৰ বিবাহ ভৱনত অনুষ্ঠিত হোৱা জিলা কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এই মন্তব্য কৰে । আনহাতে আছুৰ ৰাজনৈতিক দল গঠন হ'লে বিজেপি দলৰ ক্ষতি হ'ব পাৰে নেকি বুলি সাংবাদিকে প্ৰশ্ন উত্থাপন কৰোতে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ব্যক্ত কৰে যে, ভাৰত হৈছে এখন স্বাধীন দেশ আৰু ইয়াত সকলোৰে দল গঠন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে । কিন্তু এইবেলি ৰাইজ বিজেপিৰ সপক্ষে আছে ।
তদুপৰি এই সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ উপ সভাপতি তথা পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, আছুয়ে খিলঞ্জীয়াৰ ৰক্ষাৰ স্বাৰ্থত যি কথা কৈ আছে, সেই কথা অনুসৰি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাম বিজেপি চৰকাৰেহে কৰি আছে । জয়ন্ত মল্ল বৰুৱাই আৰু কয় যে, তথাপিও ৰাজনৈতিক ক্ষেত্ৰলৈ আছুক স্বাগতম জনাইছো । যেতিয়া ৰাজনৈতিক ক্ষেত্ৰলৈ আছুৱে নামিব তেতিয়া কাৰ কিমান জনপ্ৰিয়তা গম পোৱা যাব । শুকুৰবাৰৰ এই সভাত নলবাৰীৰ বিধায়ক অশোক শৰ্মা, বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাসহ বিজেপি দলৰ বহুকেইগৰাকী শীৰ্ষ নেতাৰ লগতে যথেষ্ঠ সংখ্যক বিজেপি কৰ্মী উপস্থিত থাকে ।