ETV Bharat / state

নলবাৰীৰ বৰক্ষেত্ৰীত গৰাখহনীয়াৰ তাণ্ডৱ - বৰক্ষেত্ৰীত গৰাখহনীয়াৰ তাণ্ডৱ

কেইবাবছৰ ধৰি ব্ৰহ্মপুত্ৰৰ গতি সলনি হোৱাত বিগত বৰ্ষত বৰক্ষেত্ৰী অঞ্চলৰ 20 ফুটৰো অধিক ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে । এইবেলি বানপানীৰ পূৰ্বেই প্ৰায় 8 ৰ পৰা 10 ফুট ভূমি ইতিমধ্যেই নৈত জাহ গৈছে ।

Nalbari Barkhetri erosion
নলবাৰীৰ বৰক্ষেত্ৰীত গৰাখহনীয়াৰ তাণ্ডৱ
author img

By

Published : May 21, 2020, 7:14 PM IST

নলবাৰী, 21 মেঃ নলবাৰীৰ বৰক্ষেত্ৰীত গৰাখহনীয়াৰ তাণ্ডৱ । বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৩নং লাৰকুছিত ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়াই চিন্তিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক । উল্লেখ্য যে, গোৰাক্ষাট্টাৰী গাঁৱৰ মথাউৰিৰ দক্ষিণ ফালে থকা ৰাজহুৱা খেলপথাৰৰ লগতে ৰাজহুৱা শ্মশান জাহ যোৱাৰ উপক্ৰম হোৱাত শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

বৰক্ষেত্ৰীত গৰাখহনীয়াৰ তাণ্ডৱ

বিগত কেইবা বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ গতি সলনি হোৱাত বিগত বৰ্ষত 20 ফুটৰো অধিক ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে । এইবেলি বানপানীৰ পূৰ্বে ইতিমধ্যেই প্ৰায় 8 ৰ পৰা 10 ফুট ভূমি জাহ গৈছে নৈৰ বুকুত । আনহাতে, প্ৰতিদিনে অব্যাহত হৈ থকা গৰাখহনীয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । সেয়েহে এইক্ষেত্ৰত স্থানীয় বিধায়ক নাৰায়ন ডেকা আৰু গৃহ জিলাৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক গৰাখহনীয়া ৰোধৰ বাবে আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক- তৈলক্ষেত্ৰ বিক্ৰী বিৰুদ্ধে সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.