ETV Bharat / state

NRC সন্দৰ্ভত পুনৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব আছু - aasu

বৰভাগ মহাবিদ্যালয়ক আদৰ্শ মহাবিদ্যালয় হিচাপে ঘোষণা কৰিবলৈ অসম চৰকাৰক দাবী জনালে সমুজ্জল ভট্টাচাৰ্যই । শিক্ষকে নিজৰ প্ৰাপ্য অধিকাৰ আৰু সন্মান নাপাই আত্মহত্যা কৰিবলগীয়া ঘটনা এখন চৰকাৰৰ বাবে চৰম দুৰ্ভাগ্যজনক কথা কথা বুলি কোৱাৰ লগতে সকলো বিদ্যালয়তে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিবলৈও দাবী জনায়

NRC সন্দৰ্ভত পুনৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব আছু
author img

By

Published : Sep 15, 2019, 11:16 PM IST

নলবাৰী, 15 চেপ্তেম্বৰঃ নলবাৰীৰ ঐতিহ্যমণ্ডিত বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে স্মৃতিগ্ৰন্থ উন্মোচন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ । মুকলি সভা উদ্বোধন কৰে সাংসদ কুইন ওজাই । মুকলি সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, 'বৰ্তমানৰ যুগ দক্ষতাৰ যুগ, এই যুগ কাৰিকৰী কৌশলৰ যুগ । এই সময়ত আমি যিয়ে যি কৰ্মত দক্ষ তেওঁক যথাযোগ্য সন্মান দিব লাগিব ।' বিধায়ক নাৰায়ণ ডেকাৰ সভাপতিত্বত অনুস্থিত মুকলি সভাত বক্তৃতা প্ৰদান কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই । ইপিনে সংবাদ মাধ্যমৰ মুখামুখি হৈ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে, শিক্ষক নিযুক্তিৰ বাবে চৰকাৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে যদিও এচাম স্বাৰ্থম্বেষী লোকে আদালতৰ দ্বাৰস্থ হৈ এই কাৰ্যত বিধি পথালি দিছে ।

আনহাতে, বৰভাগ মহাবিদ্যালয়ক আদৰ্শ মহাবিদ্যালয় হিচাপে ঘোষণা কৰিবলৈ অসম চৰকাৰক দাবী জনালে সমুজ্জল ভট্টাচাৰ্যই । শিক্ষকে নিজৰ প্ৰাপ্য অধিকাৰ আৰু সন্মান নাপাই আত্মহত্যা কৰিবলগীয়া ঘটনা এখন চৰকাৰৰ বাবে চৰম দুৰ্ভাগ্যজনক কথা কথা বুলি কোৱাৰ লগতে সকলো বিদ্যালয়তে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিবলৈও দাবী জনায় আছু উপদেষ্টাগৰাকীয়ে ।

NRC সন্দৰ্ভত পুনৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব আছু

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কে মন্তব্য কৰি সমুজ্জল ভট্টাচাৰ্যই কয়, নাগৰিকপঞ্জীৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে । চৰকাৰৰ ব্যৰ্থতাৰ বাবেই এখন আশা কৰা নাগৰিকপঞ্জী অসমে নাপালে বুলিও ব্যক্ত কৰে । নাগৰিকপঞ্জী সম্পৰ্কে আছুই পুনৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও মন্তব্য সমুজ্জল ভট্টাচাৰ্যৰ ৷

Intro:Barbhag college golden jubilee. Body: নলবাৰীৰ ঐতিহ্যমণ্ডিত বৰভাগ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষ্যে আজি অনুষ্ঠিত মুকলি সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । একেদৰে এই সভা উদ্বোধন কৰে সাংসদ কুইন ওজাই । এই মুকলি সভাতে ভাষণ প্ৰদান কৰি মন্ত্ৰী চন্দ্ৰমোহণ পাটোৱাৰী য়ে কয় যে বৰ্তমানৰ যুগটো দক্ষতাৰ যুগ, বৰ্তমানৰ যুগটো কাৰিকৰী কৌশলৰ যুগ । এই সময়ত আমি যিয়ে যি কৰ্মত দক্ষ তেওঁক যথাযোগ্য সন্মান দিব লাগিব বুলি ও ব্যক্ত কৰে । মানুহৰ গুনেহে মানুহক ধুনীয়া কৰে বুলিও তাৎপৰ্য পুৰ্ণ মন্তব্য কৰে । সভাত সাংসদ দিলীপ শইকীয়াই কয় যে এই মহাবিদ্যালয়ৰ উন্নতি হ'লেহে গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে গুণগত শিক্ষা লাভ কৰিব পাৰিব । বিধায়ক নাৰায়ণ ডেকাৰ সভাপতিত্বত অনুস্থিত এই মুকলি সভাত আজি বক্তৃতা প্ৰদান কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্ৰাচাৰ্য্যই । ইপিনে সংবাদ মাধ্যমৰ মুখামুখি হৈ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে শিক্ষক নিযুক্তিৰ বাবে চৰকাৰে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে যদিও এচাম স্বাৰ্থম্বেষী লোকে আদালতৰ দ্বাৰস্থ হৈ এই কাৰ্যত বিধি পথালি দিছে । আত্মহত্যা কৰা টেট শিক্ষক সম্পৰ্কেও এইদৰে মন্তব্য কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । বৰভাগ মহাবিদ্যালয়ক আদৰ্শ মহাবিদ্যালয় হিচাপে ঘোষণা কৰিবলৈ অসম চৰকাৰক দাবী জনালে সমুজ্জল ভট্ৰাচাৰ্য্যই । লগতে শিক্ষকে নিজৰ প্ৰাপ্য অধিকাৰ আৰু সন্মান নাপাই আত্মহত্যা কৰিব লগীয়া ঘটনা এখন চৰকাৰৰ বাবে চৰম দুৰ্ভাগ্যজনক কথা কথা বুলি কোৱাৰ লগতে সকলো বিদ্যালয়তে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিবলৈও দাবী জনায় । আনহাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কে মন্তব্য কৰি সমুজ্জল ভট্ৰাচাৰ্য্যই কয় যে নাগৰিক পঞ্জী সম্পৰ্কে সুবিধা লোৱাৰ ক্ষেত্ৰত আসম চৰকাৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে । চৰকাৰৰ ব্যৰ্থতাৰ বাবেই এখন আশা কৰা নাগৰিক পঞ্জী অসমে নাপালে বুলিও তেও ব্যক্ত কৰে । নাগৰিক পঞ্জী সম্পৰ্কে আছুই পুনৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও তেও ব্যক্ত কৰে Conclusion:Kailash Deka.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.