নলবাৰী, 5 নৱেম্বৰঃ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ অন্তিম শয়নত থকা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে এজন যুৱকে ৷ ভাস্কৰ্য শিল্পৰে বিশ্ব জয়ৰ সপোন দেখা এই যুৱকজন হ'ল নলবাৰীৰ কিশোৰ বেজবৰুৱা । আঠবছৰ বয়সৰে পৰা ছবি আঁকি ভাল পোৱা কিশোৰে নিজৰ সফলতাৰ দিশটোক দ্ৰুত গতিত আগবঢ়াই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইপিনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, হাৰ্থথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিছবিয়ে প্ৰাণ পাই উঠিছে যুৱকজনৰ হাতৰ পৰশত ৷ শেহতীয়াকৈ এই নিপুণ শিল্পী গৰাকীয়ে চন্দন কাঠত 1 ছে:মি: উচ্চতাৰ বিভিন্ন মূৰ্তি প্ৰস্তুত কৰি তেওঁৰ নিপুণ প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিছে । চাওক এক প্ৰতিবেদনঃ
সাত ফুট দীঘল কফিনত সুধাকণ্ঠৰ নশ্বৰ দেহৰ প্ৰতিমূৰ্তি - BharatRatna Dr Bhupen Hazarika
ভাস্কৰ্য শিল্পৰে বিশ্ব জয়ৰ সপোন নলবাৰী কিশোৰ বেজবৰুৱাৰ । নিজৰ প্ৰতিভাৰে কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ বিভিন্ন ভাস্কৰ্য শিল্পৰ লগত জড়িত হৈ নলবাৰী বগুৰীহাটীৰ যুৱকজন ।
নলবাৰী, 5 নৱেম্বৰঃ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ অন্তিম শয়নত থকা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে এজন যুৱকে ৷ ভাস্কৰ্য শিল্পৰে বিশ্ব জয়ৰ সপোন দেখা এই যুৱকজন হ'ল নলবাৰীৰ কিশোৰ বেজবৰুৱা । আঠবছৰ বয়সৰে পৰা ছবি আঁকি ভাল পোৱা কিশোৰে নিজৰ সফলতাৰ দিশটোক দ্ৰুত গতিত আগবঢ়াই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ইপিনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, হাৰ্থথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিছবিয়ে প্ৰাণ পাই উঠিছে যুৱকজনৰ হাতৰ পৰশত ৷ শেহতীয়াকৈ এই নিপুণ শিল্পী গৰাকীয়ে চন্দন কাঠত 1 ছে:মি: উচ্চতাৰ বিভিন্ন মূৰ্তি প্ৰস্তুত কৰি তেওঁৰ নিপুণ প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিছে । চাওক এক প্ৰতিবেদনঃ
নিজৰ প্ৰতিভাৰে কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ বিভিন্ন ভাস্কৰ্য শিল্পৰ লগত নলবাৰী বগুৰীহাটীৰ যুৱকৰ।Body:সংৰক্ষণ অভাৱত সুধাকন্ঠৰ প্ৰতিমূৰ্তি পৰি ৰৈছে শিল্পীৰ চোতালত
ধৈৰ্য্য আৰু একাগ্ৰতাই এগৰাকী শিল্পীক শীৰ্ষ স্থানত প্ৰতিষ্ঠা কৰিব পাৰে বুলি বিস্বাস কৰা যুৱক জনে হল নলবাৰীৰ কিশোৰ বেজবৰুৱা । আঠবছৰ বয়সৰে পৰা ছৱি আঁকি ভাল পোৱা প্ৰকৃতিৰ কিশোৰে নিজৰ সফলতাৰ দিশটোক দ্ৰুত গতিত আগবঢ়াই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । সাধনা আৰু নিজৰ সৃষ্টি মূলক প্ৰতিভাত বিস্বাস কৰা শিল্পী গৰাকীয়ে থিতাতে আপোনাৰ মোৰ ছৱি অংকিত কৰিব পাৰে । ইতিমধ্যে কিশোৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,হাৰ্থথ্ৰৱ জুবিন গাৰ্গ লগতে বিভিন্ন শিল্পী কলা-কুশলীৰ ফটো অংকিত কৰিছে । শেহতীয়া ভাৱে এই নিপুণ শিল্পী গৰাকীয়ে চন্দন কাঠত এক ছে:মি: উচ্চতাৰ বিভিন্ন মূৰ্তি অংকন কৰি তেওঁৰ নিপুণ প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিছে । আনহাতে অসম আৰু অসমীয়া জাতিৰ গৰ্ব স্বৰূপে গণশিল্পী, সুধাকন্ঠ ড৹ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তি অন্তিম শয়নত থকা প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি চমক সৃষ্টি কৰে । গন শিল্পী গৰাকীৰ নশ্বৰ দেহৰ প্ৰতিমূৰ্তিটো সাত দীঘল কফিনত ৰখাৰ সপোন ৰচিছে যুৱক জনে । এই সপোন বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যেৰে এমাহৰ ভিতৰত তেওঁৰ নিজা খৰজত প্ৰতি মূৰ্তিটো সাজি উলিয়ায় । সংৰক্ষণ অভাৱত সুধাকন্ঠ গৰাকীৰ নৰশ্বৰ দেহৰ প্ৰতিমূৰ্তিটো আজিও শিল্পী গৰাকীৰ চোতালত পৰি আছে । বহু বাৰ কিশোৰে সাংস্কৃতিক সংগ্ৰহালয় ,শংকৰদেৱ কলাক্ষেত্ৰ কৰ্তৃপক্ষক বহু বাৰ আৱেদন নিবেদন কৰিছিল যদিও মূৰ্তি সংৰক্ষণৰ ক্ষেত্ৰত কোনো সহাৰি নিদিলে যুৱক গৰাকীক । সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাতে যুৱক জনে এই ধৰনে ভাস্কৰ্য শিল্পৰ লগত ব্ৰতী হৈ আছে। শিল্পৰে বিশ্ব জয় সপোন নলবাৰী কিশোৰৰ ।
Conclusion:নলবাৰীৰ পৰা কৈলাস ডেকা।