ETV Bharat / state

ৰাইজৰ দলেৰে মিত্ৰতা নিশ্চিত এজেপিৰঃ দুলু আহমেদ

author img

By

Published : Jan 29, 2021, 6:16 PM IST

অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়েও ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ শুকুৰবাৰে নৱ গঠিত ৰাজনৈতিক দলটোৱে নলবাৰীত নিৰ্বাচনী কুচ-কাৱাজ চলোৱা পৰিলক্ষিত হয় ৷

nalbari ajp meeting
নলবাৰীত এজেপিৰ জিলা সমিতিৰ প্ৰথম অধিৱেশন সম্পন্ন

নলবাৰী, 29 জানুৱাৰী : অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ এফালে শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে বিৰোধী ৰাজনৈতিক দল সমূহেও বিভিন্ন নিৰ্বাচনী ৰণকৌশল অৱলম্বন কৰি শাসকীয় দলক শ’লঠেকত পেলোৱাৰো প্ৰয়াস কৰিছে ৷

ৰাইজৰ দলেৰে মিত্ৰতা নিশ্চিত এজেপিৰঃ দুলু আহমেদ

অন্যান্য ৰাজনৈতিক দল সমূহৰ লগতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়েও ৰাজ্যজুৰি আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ৷ শুকুৰবাৰে নৱ গঠিত ৰাজনৈতিক দলটোৱে নলবাৰীত নিৰ্বাচনী কুচ-কাৱাজ চলোৱা পৰিলক্ষিত হয় ৷

নলবাৰীত শুকুৰবাৰে অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয় ৷ নলবাৰী নাট্যমন্দিৰত দলটোৰ কেন্দ্ৰীয় সম্পাদক তথা নলবাৰী জিলা সমিতিৰ পৰ্য্যবেক্ষক দেৱজিত অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় এজেপিৰ অধিৱেশনখন ৷

জাতীয় পৰিষদৰ উক্ত সভাত পৰিষদৰ নেতা পুলকেশ বৰুৱা,ৰাজ্যিক উপ সভাপতি ড৹ শিখৰ কুমাৰ শৰ্মা আৰু দুলু আহমেদ, কেন্দ্ৰীয় সম্পাদক অমল ডেকা, কাৰ্যকৰী সভাপতি পবীন্দ্ৰ ডেকা আৰু নলবাৰী জিলাৰ মুখ্য আহবায়ক নগেন ডেকাৰ লগতে কেইবাগৰাকীও নেতা উপস্থিত থাকে ।

সভাখনত উপস্থিত থাকি এজেপি নেতা দুলু আহমেদে কংগ্ৰেছক কটাক্ষ কৰি অসমত কংগ্ৰেছে আঠৰ পৰা ন-খন আসন হে লাভ কৰিব বুলি দাবী কৰে ৷ তদুপৰি শাসকীয় দল বিজেপিকো তীব্ৰ কটাক্ষ কৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনত এইবাৰ অসম জাতীয় পৰিষদৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দাবী কৰে দুলু আহমেদে । আনহাতে ৰাইজৰ দলৰ সৈতে জাতীয় পৰিষদৰ মিত্ৰতাও নিশ্চিত বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় দুলু আহমেদে ৷

লগতে পঢ়ক: ৰঙাপৰা সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰথমটো খোজঃ সমষ্টি সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.