নলবাৰী,১২ মাৰ্চ: নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি অসম বিধানসভা নিৰ্বাচনত ভোটাৰসকলৰ ১০০ শতাংশ অংশগ্ৰহণৰ বাবে নলবাৰী জিলা প্ৰশাসনৰ সংশ্লিষ্ট SVEEP কোষে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে । নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা SVEEP কোষৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পনা ডেকা, চক্ৰ বিষয়া কনকন শৰ্মা, তথা ডায়েটৰ প্ৰবক্তা গীতিকা দত্ত শৰ্মা, শ্ৰম বিষয়া কবিতা বৰ্মনসহ আন বিষয়াসকলে ৫৯ নং নলবাৰী, ৬০ নং বৰক্ষেত্ৰী আৰু ৬১ নং ধৰ্মপুৰ বিধানসভা সমষ্টিৰ ভোটাৰসকলক সজাগ কৰিবলৈ "ভোট দিবলৈ যাওঁ আহা, ভোট দিবলৈ যাওঁ" শীৰ্ষক অডিঅ' আৰু ভিজুৱেল গীত মুকলি কৰিছে ।
![নলবাৰীত সজাগতামূলক কাৰ্যসূচী জিলা প্ৰশাসনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlb-02-12mar-district-admistration-awarnews-program-p-as10004_12032021171920_1203f_1615549760_897.jpg)
আনহাতে, মুকালমুৱাত শোভাযাত্ৰা উলিয়াইছে জিলা প্ৰশাসনে । বৃহস্পতিবাৰে SVEEP কোষে ষাঠিকুছি আৰু মৰোৱাত ভোটাৰসকলক ভোটদানৰ প্ৰতি আকৃষ্ট কৰিবলৈ বাটৰ নাটৰ আয়োজন কৰিছে । বৰক্ষেত্ৰী আৰু ধৰ্মপুৰতো বাটৰ নাট কৰা হ'ব বুলি প্ৰশাসনে জানিবলৈ দিয়ে । তদুপৰি নলবাৰী কলেজ, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত সজাগতা সভাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক ভোটদানৰ প্ৰতি সজাগ কৰিবলৈ প্ৰচেষ্টা চলোৱা হৈছে ।
ধৰ্মপুৰ সমষ্টিত মানুহৰ ঘৰলৈ গৈ ভোটদান নাগৰিকৰ পবিত্ৰ কৰ্তব্য, গতিকে ভোটদান কৰিলেহে আমাৰ দেশৰ গণতান্ত্ৰিক শাসন ব্যৱস্থা মজবুত হ'ব বুলি উল্লেখ কৰি ভোটাৰক সজাগ কৰাৰ চেষ্টা কৰিছে নলবাৰী জিলা প্ৰশাসনে । কেৱল এয়াই নহয় নলবাৰীৰ আটাইকেইটা গেছ এজেঞ্চিৰে চিলিণ্ডাৰসমূহত ভোটদানৰ ষ্টিকাৰ লগাইছে প্ৰশাসনে ।
লগতে পঢ়ক:7 সমষ্টিৰ পৰিৱৰ্তে বিটিচিৰ বাহিৰে ভিতৰে 9 টা সমষ্টিত প্ৰাৰ্থীত্ব দিব ইউপিপিএলে