ETV Bharat / state

নলবাৰীৰ বৰসৰকুছিত নৃশংস হত্যাকাণ্ড - Murder at Borhorkuchi of Nalbari

এইয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী স্থানীয় ৰাইজৰ ৷

Murder at Borhorkuchi of Nalbari
নলবাৰীৰ বৰসৰকুছিত নৃশংস হত্যাকাণ্ড
author img

By

Published : Sep 13, 2020, 6:00 PM IST

নলবাৰী, 13 ছেপ্তেম্বৰ : নলবাৰীৰ বৰসৰকুছিত নৃশংস হত্যাকাণ্ডৰ ঘটনা ৷ প্ৰতাপ হালৈ নামৰ এগৰাকী 70 বছৰ উৰ্দ্ধৰ বৃদ্ধক নিজ ঘৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰি থৈ যায় কোনো অজ্ঞাত লোকে ৷ অৱশ্যে প্ৰতাপ হালৈক কোনে, কি কাৰণে হত্যা কৰিলে সেইয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে নলবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাই ৷

উল্লেখ্য যে, স্থানীয় ৰাইজে জনোৱা অনুসৰি দেওবাৰে পৰিয়ালৰ আনসকল সদস্যৰ সতে মাটি ভাগ বিতৰণ কৰাৰ কথা আছিল মৃত প্ৰতাপ হালৈয়ে ৷ কিন্তু উক্ত দিনটোতে বৃদ্ধ গৰাকীৰ ঘৰত তেখতৰ তেজেৰে লুতুৰি-পুতুৰি মৃতদেহ প্ৰতক্ষ্য কৰে চুবুৰীয়াই ৷ স্থানীয় ৰাইজৰ অভিযোগ এইয়া পৰিকল্পিত হত্যাকাণ্ড ৷ ঘটনাত জড়িত দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ বিধানসভা নিৰ্বাচনত 84 টা সমষ্টিত আমি প্ৰাৰ্থীত্ব আগবঢ়ামঃ আম আদমী পাৰ্টি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.