ETV Bharat / state

Mohan Bhaira Award 2023: নলবাৰীত লোকশিল্পী অনিৰাম নাথক মোহন ভাইৰা বঁটা ২০২৩ প্ৰদান

author img

By

Published : Feb 1, 2023, 10:34 PM IST

Updated : Feb 1, 2023, 10:40 PM IST

লোকশিল্পী অনিৰাম নাথক আজি নলবাৰীত প্ৰদান কৰা হয় মোহন ভাইৰা ২০২৩ বঁটা(Mohan Bhaira Award to folk artist Aniram Nath) । নলবাৰী শ্বহীদ ভৱনৰ বাকৰিত অনিৰাম নাথক এই বঁটা প্ৰদান কৰা হয় । নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাৰ উদ্যোগত প্ৰতিবছৰে প্ৰদান কৰি অহা হৈছে এই বঁটা ৷

Mohan Bhaira Award 2023 conferred on folk artist Anima Nath in Nalbari
নলবাৰীত লোকশিল্পী অনিৰাম নাথক মোহন ভাইৰা বঁটা ২০২৩ প্ৰদান

নলবাৰী, ১ ফেব্ৰুৱাৰী: আজি নলবাৰীত প্ৰদান কৰা হয় সংগীত নাটক অকাডেমী বঁটা প্ৰাপক প্ৰয়াত শিল্পী মোহন ভাইৰা সোঁৱৰণী বঁটা ২০২৩ । এইবাৰ ২০২৩ বৰ্ষৰ বাবে মোহন ভাইৰা বঁটা প্ৰদান কৰা হয় শোণিতপুৰ জিলাৰ বিহগুৰিৰ পিঠাখোৱাৰ লোকশিল্পৰ সাধক অনিৰাম নাথক(Folk artist Anima Nath) ৷ নলবাৰী জিলা ছাত্ৰ সন্থাই লোকশিল্পৰ সাধক অনিৰাম নাথক প্ৰদান কৰে সংগীত নাটক অকাডেমীৰ বঁটা প্ৰাপক প্ৰখ্যাত বৰঢুলীয়া শিল্পী মোহন ভাইৰা সোঁৱৰণী বঁটা ৷ উল্লেখ্য যে, নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাৰ উদ্যোগত প্ৰতিবছৰে প্ৰদান কৰা হয় এই বঁটা ।

নলবাৰীৰ প্ৰখ্যাত কামৰূপীয়া ঢুলীয়াৰ প্ৰসাৰৰ বাবে প্ৰখ্যাত ঢুলীয়া শিল্পী তথা ভাৱৰীয়া সংগীত নাটক অকাডেমীৰ বঁটা প্ৰাপক মোহন ভাইৰাৰ সোঁৱৰণত প্ৰতি বছৰে প্ৰদান কৰি অহা হৈছে মোহন ভাইৰাৰ সোঁৱৰণী বঁটা । এইবাৰ বিহগুৰিৰ পিঠাখোৱাৰ লোকবাদ্যৰ সাধক ঢোল পেঁপা গগণাৰ ওজা শিল্পী অনিৰাম নাথক(Folk artist Aniram Nath) ২০২৩ বৰ্ষৰ মোহন ভাইৰা সোঁৱৰণী প্ৰদানৰ বাবে সিদ্ধান্ত লোৱা হয়(Mohan Bhaira Award to folk artist Aniram Nath) ৷ এই বঁটা প্ৰদানৰ পূৰ্বে গায়ন-বায়নসহ এক বিশাল সাংস্কৃতিক সমদলেৰে আদৰি অনা হয় লোকবাদ্যৰ সাধক লোকশিল্পী অনিৰাম নাথক ৷

বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰা শিল্পী অনিৰাম নাথে সৰুৰে পৰাই জড়িত আছিল লোকবাদ্য বজোৱাত ৷ বৰঢোলেৰেই জগত জিনি নলবাৰীক গৌৰৱান্বিত কৰা প্ৰখ্যাত ভাৱৰীয়া শিল্পী মোহন ভাইৰাৰ স্মৃতি সজীৱ কৰি ৰখাৰ স্বাৰ্থত নলবাৰী জিলা ছাত্ৰ সন্থাই প্ৰতি বছৰে প্ৰদান কৰে মোহন ভাইৰা সোঁৱৰণী বঁটা । সেই অনুসৰি আজি নলবাৰীৰ শ্বহীদ ভৱনত ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ মুকুন্দ শৰ্মাই লোকশিল্পৰ সাধক অনিৰাম নাথক প্ৰদান কৰে এই বঁটা ।

বঁটা প্ৰদান কৰাৰ পূৰ্বেই এইগৰাকী ওজা শিল্পী লোকবাদ্যৰ সাধক অনিৰাম নাথক বৰঢোল বজাই স-সন্মানেৰে বঁটা প্ৰদানস্থলীলৈ আদৰি অনা হয় । আজি বঁটা প্ৰদান অনুষ্ঠানৰ পিছতে লোকশিল্পী অনিৰাম নাথে অনুষ্ঠানত উপস্থিত থকা শতাধিক লোকক বিহু গীত আৰু ঢোল বাদনেৰে মোহিত কৰি তোলে । লোকশিল্পীগৰাকীয়ে বয়সকো নেওচি উপস্থিত ৰাইজক বিহু গীত গাই আৰু ঢোল বজাই এক আমোদ দিয়ে ৷ ইফালে সভাত উপস্থিত প্ৰতিগৰাকী লোকে শিল্পীগৰাকীক হাত চাপৰিৰে কৃতজ্ঞতা জনায় ।

লগতে পঢ়ক: Mohan Bhaira Award 2023: লোকশিল্পী অনিৰাম নাথলৈ মোহন ভাইৰা ২০২৩ স্মাৰক বঁটা

Last Updated : Feb 1, 2023, 10:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.