ETV Bharat / state

Nalbari News: নলবাৰীৰ মুকালমুৱাত বিভিন্ন ৰেচম উৎপাদন সামগ্ৰী বিতৰণ বিধায়ক দিগন্ত বৰ্মনৰ

বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩৬ গৰাকী মহিলাক ৰেচন বিভাগৰ সামগ্ৰী বিতৰণ বিধায়ক দিগন্ত বৰ্মনৰ ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিক লৈ চৰকাৰক সমালোচনা বিধায়কগৰাকীৰ ৷

author img

By

Published : Jul 13, 2023, 5:03 PM IST

Nalbari News
Nalbari News
মুকালমুৱাত বিভিন্ন ৰেচম উৎপাদন সামগ্ৰী বিতৰণ বিধায়ক দিগন্ত বৰ্মনৰ

নলবাৰী, ১৩ জুলাই: নলবাৰীৰ মুকালমুৱাত ৰেচম বিভাগৰ বিভিন্ন সামগ্ৰী বিতৰণ অনুষ্ঠান । মুকালমুৱাস্থিত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ সভাকক্ষত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত বৰক্ষেত্ৰী অঞ্চলৰ ৩৬ গৰাকী মহিলাক বিভিন্ন সামগ্ৰী বিতৰণ কৰা হয় ৷

অঞ্চলটোৰ ২৬ গৰাকী মহিলাক পলু পুহিবলৈ প্ৰয়োজনীয় বিভিন্ন সা-সামগ্ৰী বিতৰণ কৰাৰ লগতে ১০ গৰাকী মহিলাক তাঁত শাল বিতৰণ কৰে । অনুষ্ঠানটোত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন উপস্থিত থাকি মহিলাসকলক এই সামগ্ৰীসমূহ বিতৰণ কৰে ৷

সামগ্ৰীসমূহ লাভ কৰি যথেষ্ট উৎফুল্লিত হৈ পৰে মহিলাসকলক ৷ ইয়াৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰিব বুলিও মহিলাসকলে আশা প্ৰকাশ কৰে ৷ উল্লেখ্য যে অসম চৰকাৰৰ ৰেচন বিভাগৰ অধীনত এই সামগ্ৰীসমূহ বিতৰণ কৰা হৈছে ৷

ইয়াৰ জৰিয়তে মহিলাসকলে আৰ্থিক দিশত যথেষ্ট উপকৃত হ’ব বুলি কয় বিধায়ক দিগন্ত বৰ্মনে ৷ পলু উৎপাদনেৰে মহিলাসকলে নিজে স্বাৱলম্বী হোৱাৰ লগতে অসমৰ অৰ্থনীতি যথেষ্ট উন্নত হ’ব বুলি কয় ৰেচম বিভাগৰ নলবাৰী জিলাৰ বিষয়ববীয়াসকলে ৷ আনহাতে উক্ত অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিধায়ক দিগন্ত বৰ্মনে মূল্যবৃদ্ধি সন্দৰ্ভত চৰকাৰ যোগান বিভাগক তীক্ষ্ণ সমালোচনা কৰে ৷

মূল্যবৃদ্ধি সন্দৰ্ভত চৰকাৰক চোকা সমালোচনা বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ ৷ তেওঁ কয় যে যোৱা দুটা বছৰত ক্ৰমাগতভাৱে মূল্যবৃদ্ধি হৈ আছে । এতিয়া দৰিদ্ৰ লোকসকলৰ লগতে মধ্যবিত্ত লোকসকলেও ভালদৰে এসাজ খাব নোৱাৰা হৈছে । শাক পাচলিৰ দামৰ লগতে বৰ্তমান চাউলৰ দামো বৃদ্ধি পাইছে ।

চৰকাৰে মূল্যবৃদ্ধি অলপো নিয়ন্ত্ৰণ কৰিব পৰা নাই বুলি উল্লেখ কৰি মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰক গৰিহণা দিয়াৰ লগতে অতিশীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক দাবী জনায় বিধায়ক দিগন্ত বৰ্মনে ।

লগতে পঢ়ক: Rail Official Arrested: লামডিঙত ৰে’লৱে ভিজিলেঞ্চৰ অভিযান; হাতে-লোটে আটক ৰে’লৱে কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.