ETV Bharat / state

অসমৰ কেলেংকাৰীৰ মালিক ডঃ হিমন্ত বিশ্ব শৰ্মা : অখিল গগৈ - Raijor Dal joining program in Nalbari

নলবাৰীত বিধায়ক অখিল গগৈৰ বিস্ফোৰক মন্তব্য । পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বিধায়কগৰাকী (Akhil Gogoi slams Assam CM)। ২০২৪ চনত কেন্দ্ৰত পুনৰ বিজেপি আহিলে কি হ'ব ?

Akhil Gogoi
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অখিল গগৈৰ
author img

By

Published : Sep 25, 2022, 5:00 PM IST

নলবাৰী,২৫ ছেপ্টেম্বৰ : ‘‘অসমৰ যিকোনো কেলেংকাৰীৰ প্ৰধান মানুহজনেই হ'ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । অসমৰ কেলেংকাৰীৰ মালিক ড৹ হিমন্ত বিশ্ব শৰ্মা’’ ৷ এই বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ (Akhil Gogoi slams Assam CM)। নিযুক্তি কেলেংকাৰী (Assam recruitment scam) সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত এনেদৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰে নেতাগৰাকীয়ে ।

তেওঁ উল্লেখ কৰা মতে, ৰাজ্যত চৰকাৰে ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল । ১ লাখ নিযুক্তি কেতিয়া দিব সেই সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰশ্নও কৰে অখিল গগৈয়ে । ইফালে ১ লাখ নিযুক্তি দিয়াৰ অনুষ্ঠানত অখিল গগৈক মুখ্যমন্ত্ৰীয়ে নিমন্ত্ৰণ জনোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, সেই অনুষ্ঠানলৈ যাবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে । এতিয়ালৈ মুখ্যমন্ত্ৰীয়ে নিমন্ত্ৰণ নজনোৱাৰ বাবে আক্ষেপ কৰে অখিল গগৈয়ে ।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অখিল গগৈৰ

১ লাখ নিযুক্তি প্ৰদান কৰাৰ দিনটো সেই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিব বুলিও উল্লেখ কৰে অখিল গগৈয়ে ।

উল্লেখ্য যে, নলবাৰী চহৰৰ হৰিমন্দিৰ বিবাহ ভৱনত ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিয়ে জিলা কৰ্মী আৰু যোগদান কাৰ্যসূচীৰ আয়োজন কৰে (Raijor Dal joining program in Nalbari)। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কৃষক নেতা তথা বিধায়ক অখিল গগৈয়ে । অনুষ্ঠানত উপস্থিত থাকি অখিল গগৈয়ে বিজেপি চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

তেওঁ উল্লেখ কৰা মতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলক যদি পৰাস্ত কৰিব নোৱাৰে তেতিয়া দেশখনৰ বাবে সাংঘাটিক ধৰণৰ বিপদ নামি আহিব । সেয়ে বিৰোধী ঐক্য গঠনৰ বাবে দেশৰ বিৰোধী দলসমূহৰ সৈতে আলোচনা চলি থকাৰ কথা কয় অখিল গগৈয়ে (Akhil Gogoi on upcoming Lok Sabha election)।

ইফালে নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে সমগ্ৰ অসমৰ ৰাইজক প্ৰতিবাদ সাব্যস্ত কৰাৰো আহ্বান জনাই বিধায়ক অখিল গগৈয়ে । এই জলবিদ্যুৎ প্ৰকল্পৰ বাবে এদিন নামনি অসমৰ এটা অংশ নিঃশেষ হ'ব বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :বিহালীত বিজেপি অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.