নলবাৰী, ২২ ডিচেম্বৰ : সমাগত 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীলৈ লক্ষ্য ৰাখি বিশেষভাৱে সষ্টম হৈছে ৰাজ্যৰ পৰিবহন বিভাগ ৷ বিগত বৰ্ষৰ উক্ত দিন দুটাৰ তুলনাত এইবেলি যাতে দুৰ্ঘটনাৰ পৰিমান হ্ৰাস অথবা শূণ্য কৰিব পাৰে তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা লোৱা হৈছে বিশেষ ব্যৱস্থা ৷ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধ অধিক কঠোৰ হৈছে আৰক্ষী ৷
ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰক্ষীৰ যান-বাহন শাখাৰ লগতে বিভাগীয় কৰ্তৃপক্ষলৈ জাৰি কৰিছে নিৰ্দেশনা ৷ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাছতে সষ্টম হৈ পৰিছে পৰিবহন বিভাগ ৷ যান-বাহন আইন উলংঘাকাৰীক এশিকনি দিবলৈ ইতিমধ্যে গঠন কৰা হৈছে ‘কুৰুক্ষেত্ৰ’ (Mission Kurukhetra Assam)৷ যাৰ জৰিয়তে ৰাজপথত অভিযান চলাই সুৰাপায়ী-আইন উলংঘাকাৰীক কঠোৰ শাস্তি বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ পৰ্যন্ত বাতিলৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
শীত অহাৰ লগে লগেই যেন বৃদ্ধি পাবলৈ লয় দুৰ্ঘটনাৰ সংখ্যা (Road accident in Assam)৷ আনহাতে একাংশ লোকে পৰিবহন আইন উলংঘা কৰি হেলমেট পৰিধান নকৰি অথবা চাৰিচকীয়া বাহনত চিট বেল্ট নলোৱাকৈ অথবা সুৰা সেৱন কৰি গাড়ী চলোৱাৰ ফলত বৃদ্ধি পাবলৈ লৈছে দুৰ্ঘটনাসমূহ ৷ কিন্তু এই দুৰ্ঘটনাৰ কাৰকসমুহ নিৰ্মূল কৰাৰ বাবে নলবাৰী পৰিবহণ বিষয়াৰ কাৰ্যালয়ে বাৰেবাৰে জনসাধাৰণক সজাগ কৰাৰ পাছতো পৰিবহন বিভাগৰ নীতি-নিৰ্দেশনা অমান্য কৰি আহিছে একাংশ লোকে ৷
পিছে এইক্ষেত্ৰত পূৰ্বতকৈও কঠোৰ হৈছে নলবাৰী জিলা পৰিবহন বিভাগ ৷ নলবাৰী পৰিবহন বিষয়া সীমান্ত বৰাৰ(Nalbari DTO Simanta Borah) নেতৃত্বত চলিছে যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান ৷ অভিযান কালত যান-বাহন আইন নমনা লোকক বিহা হৈছে জৰিমনা (Mission Kurukshetra in Nalbari)।
পৰিবহন বিষয়াগৰাকীৰ নেতৃত্বত বৃহস্পতিবাৰে পুৱা নলবাৰী চ’ক বজাৰত যান-বাহন আইন নমনা গাড়ী চালকসকলক বিহা হয় জৰিমনা । বিশেষকৈ কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে যান-বাহন উলংঘা কৰা পৰিলক্ষিত হয় ৷ এইক্ষেত্ৰত নলবাৰী পৰিবহন বিষয়া সীমান্ত বৰাই জনসাধাৰণক যান-বাহন আইন মানি চলাৰ বাবে পুনৰ আহ্বান জনাইছে ৷
উল্লেখ্য যে, ৰাজ্যত আৰম্ভ হোৱা কুৰুক্ষেত্ৰ অভিযানৰ জৰিয়তে যান-বাহন আইন উলংঘা কৰা চালকক 10 হাজাৰ টকাৰ জৰিমনা বিহাৰ উপৰিও 3 মাহৰ পৰা 6 মাহ পৰ্যন্ত অনুজ্ঞাপত্ৰ বাতিল কৰাৰ ব্যৱস্থা কৰা হৈছে (Traffic rule violation punishment)৷
লগতে পঢ়ক: Health Center construction scam: নামনিবালি উপ-স্বাস্থ্য কেন্দ্ৰৰ গৃহ নিৰ্মাণত দুৰ্নীতি