নলবাৰী, ৪ ডিচেম্বৰ: নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে মন্ত্ৰী সঞ্জয় কিষাণৰ কনভয়ৰ চালক-দেহৰক্ষী আৰু নলবাৰী আৰক্ষীৰ এজন বিষয়াৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা ৷ ৰাষ্ট্ৰীয় ঘাইপথত মন্ত্ৰী সঞ্জয় কিষাণৰ কনভয়ৰ চাৰিখনকৈ বাহন দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই সংঘটিত হয় এই হতাহতি তথা খণ্ডযুদ্ধ(Minister Sanjoy Kishan convoy crashed in Nalbari) ৷ এই খণ্ডযুদ্ধই অৱশেষত আহি পায়হি নলবাৰী সদৰ থানা ।
জানিব পৰা অনুসৰি, নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে মন্ত্ৰী সঞ্জয় কিষাণৰ কনভয়ৰ গাড়ীয়ে এখন ৱেগনআৰ গাড়ীক বচাবলৈ গৈ চাৰিখনকৈ কনভয়ৰ গাড়ী দূৰ্ঘটনাত পতিত হয় । ইয়াৰ পাছতেই ৱেগনআৰত চিভিল ড্ৰেছত থকা দুজন ব্যক্তিয়ে নিজকে আৰক্ষীৰ জোৱান বুলি পৰিচয় দি মন্ত্ৰী সঞ্জয় কিষাণৰ নিৰাপত্তাৰ দায়িত্বত থকা দেহৰক্ষীসকলক দুৰ্ব্যৱহাৰ কৰে(Minister Sanjoy Kishans bodyguard) ।
আৰক্ষীৰ জোৱান বুলি পৰিচয় দিয়া বিষয়া দুজনৰ এজন জোৱানে আনকি নিজকে আইজিপিৰ PA বুলি চিনাকি দি ৰাজপথতে নানান অশ্লীল গালি গালাজ কৰে মন্ত্ৰীজনৰ দেহৰক্ষীসকলক ৷ তেওঁ আনকি দেহৰক্ষীকেইজনৰ লগত খণ্ডযুদ্ধতো লিপ্ত হোৱাৰ অভিযোগ উঠিছে । এই খণ্ডযুদ্ধই ইমানে ভয়ংকৰ ৰূপ লয় যে ৱেগনআৰত থকা দুই আৰক্ষী জোৱানে মন্ত্ৰী সঞ্জয় কিষাণৰ দেহৰক্ষীৰ পোছাক-বেজ চিঙি পেলোৱাৰ লগতে PILOT গাড়ীৰ চাবি পৰ্যন্ত কাঢ়ি লৈছিল ৷
এই খণ্ডযুদ্ধই চূড়ান্ত ৰূপ লোৱাত অবশেষত বিষয়টো আহি পায়হি নলবাৰী সদৰ থানা(Nalbari Police Station) । ইতিমধ্যে নলবাৰীত সংঘটিত উক্ত ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত । নলবাৰীত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী জোৱানৰ গুণ্ডাগিৰীক লৈ বৰ্তমান সৰ্বত্ৰ চলিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
লগতে পঢ়ক : Gandhi Fagla Released: উন্মোচনৰ পূৰ্বেই বহুচৰ্চিত ‘গান্ধী ফাগ্লা’ এতিয়াৰে পৰা পাঠকৰ হাতত