ETV Bharat / state

Minister Ranjeet Kumar Dass : চৰকাৰী বিষয়াৰ গাফিলতিৰ বাবে উপায়ুক্ত জগৰীয়া হ’ব: ৰণজিৎ দাস - Arunodoi Scheme at Tihu

আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অমনোযোগী চৰকাৰী বিষয়া ৷ আঁচনিৰ সুবিধা প্ৰদানৰ বাবে ক্ষেত্ৰভিত্তিক জৰীপ নকৰাৰ ফলত বঞ্চিত হৈছে সাধাৰণ লোক ৷ খোদ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কৰিলে এই অভিযোগ (Minister Ranjeet Kumar Dass)৷

Minister Ranjeet Kumar Dass
চৰকাৰী বিষয়াৰ গাফিলতিৰ বাবে উপায়ুক্ত জগৰীয়া হ’ব: ৰণজিৎ দাস
author img

By

Published : Dec 4, 2022, 8:39 PM IST

নলবাৰী, ৫ ডিচেম্বৰ : নলবাৰীৰ টিহুত দেওবাৰে এটা বৃহৎ ধান কল মুকলি কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ টিহু বজালী কৃষি বিকাশ আৰু উৎপাদক গোটৰ অধীনত নলবাৰীৰ টিহুত মুকলি কৰা হয় বৃহৎ ধান কলটো (Rice Mill at Tihu) ৷

চৰকাৰী বিষয়াৰ গাফিলতিৰ বাবে উপায়ুক্ত জগৰীয়া হ’ব: ৰণজিৎ দাস

উদ্যোগটোৰ ফিটা কাটি উদ্বোধন কৰিলে স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Ranjeet Kumar Dass)৷ ৬৫০ গৰাকী কৃষকৰ অংশীদাৰ থকা এই উদ্যোগত প্ৰতি ঘন্টাত দুই টন চাউল উৎপাদন কৰা হ’ ব৷ অঞ্চলটোৰ কৃষকৰ ধান ক্ৰয় কৰি ৰখা হ’ব নিজা গুদামত । ‘অসম জহা’ নামৰ ব্ৰেণ্ডত উৎপাদন হ’ব থলুৱা কৃষকৰ জৈৱিক চাউল ।

আনহাতে টিহুৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, মাখিবাহা আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক অন্য ঠাইলৈ বদলি কৰাত ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । মন্ত্ৰীগৰাকীয়ে কয় যে নলবাৰীৰ চৰকাৰী কাৰ্যালয়ৰ বিষয়াসকলে বিভিন্ন আঁচনিৰ অন্তৰ্গত সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত টিহু অঞ্চলটোক অৱহেলা কৰি আহিছে ৷

কৃষি কাৰ্যৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত বিষয়াসকলে টিহু অঞ্চলটোক অৱহেলা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিলে মন্ত্ৰীগৰাকীয়ে ৷

ইয়াৰোপৰি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো চৰকাৰী বিষয়া কোনো কোনো অঞ্চলত জৰীপ নকৰাৰ অভিযোগ উত্থাপন কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Arunodoi Scheme at Tihu)৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক মন্ত্ৰীগৰাকীয়ে অভিযোগ দিয়া বুলি উল্লেখ কৰি কয় কয় যে জৰীপ নকৰাৰ ফলত কোনো লোক আঁচনিৰ পৰা বঞ্চিত হ’লে উপায়ুক্ত জগৰীয়া হ’ব ৷

লগতে পঢ়ক : MLA office in each constituency: সমষ্টিয়ে সমষ্টিয়ে নিৰ্মাণ হ’ব বিধায়কৰ কাৰ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.