ETV Bharat / state

পৰিবহন বিভাগে মানুহৰ চৰিত্ৰ সংশোধন কৰিব নোৱাৰে : পৰিমল শুক্লবৈদ্য

Dergaon Bus Accident: যান-বাহন আইন মানি চলাৰ বাবে বাৰম্বাৰ পৰিবহন বিভাগে অনুৰোধ জনাই আহিছে যদিও অধিকাংশই নামানে নীতি-নিয়ম ৷ ফলত অব্যাহত আছে পথ দুৰ্ঘটনা ৷ দেৰগাঁৱৰ শোকাৱহ দুৰ্ঘটনাৰ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে পৰিবহন বিভাগে মানুহৰ চৰিত্ৰ সংশোধন কৰিব নোৱাৰে ৷

dergaon bus accident
দেৰগাঁও বাছ দুৰ্ঘটনা
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 6:11 PM IST

দেৰগাঁৱৰ শোকাৱহ দুৰ্ঘটনাৰ সন্দৰ্ভত পৰিবহন মন্ত্ৰী

নলবাৰী, 3 জানুৱাৰী: বুধবাৰে দেৰগাঁৱত সংঘটিত শোকাৱহ দুৰ্ঘটনাৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ শোকাৱহ দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰি যান-বাহন আইন মানি চলিবলৈ পুনৰবাৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ কয় যে পৰিবহন বিভাগে মানুহৰ চৰিত্ৰ সংশোধন কৰিব নোৱাৰে ৷ কেৱল নীতি-নিয়মহে জাৰি কৰিব পাৰে ৷ 2023 বৰ্ষত যান-বাহন আইন উলংঘা কৰা লোকৰ পৰা কেৱল অসমতে 55 কোটি টকাৰ জৰিমনা সংগ্ৰহ কৰাৰ তথ্যও দিলে মন্ত্ৰী শুক্লবৈদ্যই ৷ মন্ত্ৰীগৰাকীয়ে কয় যে অসমত এতিয়া 45 লাখ পঞ্জীয়নকৃত বাহন আছে ৷ গতিকে সকলো ঠাইতে, সকলো সময়তে নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ ৷

দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত পৰিবহন বিভাগ আৰু আৰক্ষীৰ ভূমিকাৰ প্ৰতি প্ৰশ্নৰ অৱতাৰণা হোৱা প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে উদাহৰণস্বৰূপে আজি দেৰগাঁৱৰ দুৰ্ঘটনাটোৰ সময়ত কেৱল চালকৰহে কৰণীয় আছিল ৷ পুৱা 5 বজাত পৰিবহণ বিভাগ আৰু আৰক্ষীৰ কৰিবলগীয়া একো নাছিল ৷ দুৰ্ঘটনা এনেই সংঘটিত নহয় বুলি মন্তব্য কৰি কয় যে আজিৰ দুৰ্ঘটনাটোৰো কোনো নিৰ্দিষ্ট কাৰণ আছে ৷

যোৱা মাহত 28 খন জিলাত পথ সুৰক্ষা সভা অনুষ্ঠিত কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পথ সুৰক্ষাৰ বাবে প্ৰশাসন, বিভাগৰ পৰা যথেষ্টখিনি কৰা হৈছে ৷ কিন্তু বহুতে মানি নচলে ৷

উল্লেখ্য যে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ স্মৃতিত আজি নলবাৰী জিলা পৰিবহন বিভাগৰ উদ্যোগত বিশ্ব স্মৃতি দিৱস পালন কৰা হয় ৷ উক্ত স্মৃতি দিৱসৰ লগত সংগতি ৰাখি পথ সুৰক্ষা আৰু জনসচেতনাৰ উদ্দেশ্য নলবাৰী জিলাৰ কুৰিহাৰ পৰা মুকালমুৱালৈ এক বাইক সমদল উলিওৱা হয় । বাইক সমদলত অংশগ্ৰহণ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, জিলা পৰিবহন বিষয়া, কেবাগৰাকীও আৰক্ষী বিষয়াকে ধৰি প্ৰায় পাঁচ শতাধিক লোকে । তীব্ৰগতি পৰিহাৰ কৰি, যান-বাহন আইন মানি চলি দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰক শীৰ্ষক মূলমন্ত্ৰ হিচাবে লৈ নলবাৰীত বাইক চলাই উপস্থিত হয় পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷

লগতে পঢ়ক: বছা-ভৰলোৱা গাঁৱত শোকাকুল পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.