ETV Bharat / state

ডাঃ ভূমিধৰ বৰ্মনৰ বাসগৃহত উপস্থিত অতুল-ফণীভূষণ - মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ বাসগৃহত সোমবাৰে উপস্থিত হয় অগপ নেতা ফণীভূষণ চৌধুৰী আৰু অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা ৷ একে স্থানত সাংবাদিকৰ মূল্যবৃদ্ধি সম্পৰ্কীয় প্ৰশ্নত ফণীভূষণ চৌধুৰীয়ে কয়, মুল্যবৃদ্ধি ৰোধ কৰিব পৰা ক্ষমতা বৰ্তমান মন্ত্ৰী-বিধায়কৰ হাতত নাই ৷

ডাঃ ভূমিধৰ বৰ্মনৰ বাসগৃহত উপস্থিত অতুল-ফণীভূষণ
মুল্যবৃদ্ধি ৰোধ কৰিব পৰা ক্ষমতা হাতত নাই মন্ত্ৰী-বিধায়কৰ -ফণীভূষণ চৌধুৰী
author img

By

Published : Apr 27, 2021, 12:29 PM IST

Updated : Apr 27, 2021, 1:21 PM IST

নলবাৰী,27 এপ্ৰিল: সোমবাৰে নলবাৰীত অগপ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা উপস্থিত হয় বেলশৰস্থিত প্ৰয়াত মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ বাসগৃহত । শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাই সাংবাদিকৰ আগত মূল্যবৃদ্ধি সম্পৰ্কে মন্তব্য কৰি ফণীভূষণ চৌধুৰীয়ে কয়, মূল্যবৃদ্ধি ৰোধ কৰিব পৰা ক্ষমতা বৰ্তমান মন্ত্ৰী-বিধায়কৰ হাতত নাই ৷ বৰ্তমান সকলো নিৰ্বাচনী আয়োগেহে তদাৰক কৰিব পাৰে ৷

ল্যবৃদ্ধি ৰোধ কৰিব পৰা ক্ষমতা বৰ্তমান মন্ত্ৰী-বিধায়কৰ হাতত নাই: ফণীভূষণ চৌধুৰী

আনহাতে, অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই সাংবাদিকৰে হোৱা সাক্ষাতত কয় যে, ২ মে’লৈ আৰু বেছিদিন নাই ৷ অসমৰ ৰাইজে শীঘ্ৰে বিজেপিৰ নেতৃত্বত এখন মিত্ৰজোঁটৰ চৰকাৰ লাভ কৰিব বুলি বিশ্বাসী অগপৰ সভাপতি গৰাকী ৷ অগপই অকলে কিমানখন আসন লাভ কৰিব সেয়া কোৱাৰ প্ৰয়োজন এতিয়াই নাই বুলি আওপকীয়াকৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে অতুল বৰা ৷

ডাঃ ভূমিধৰ বৰ্মনৰ চৰকাৰী স্বীকৃতি সন্দৰ্ভত চিন্তা-চৰ্চা কৰা হ’ব

ইফালে, ইতিমধ্যে মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বাসগৃহলৈ অহাৰ প্ৰসংগ উত্থাপন কৰি অগপৰ সভাপতি গৰাকীয়ে কয় যে, প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মনৰ চৰকাৰী স্বীকৃতি সন্দৰ্ভত নিশ্চয়কৈ চিন্তা-চৰ্চা কৰা হ’ব ৷

লগতে পঢ়ক : ৮ মে'লৈ বন্ধ থাকিব বৰপেটা জিলাৰ বিদ্যালয়ৰ পাঠদান

Last Updated : Apr 27, 2021, 1:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.