ETV Bharat / state

নলবাৰীত আঁচনি ৰূপায়নৰ বুজ ল’লে অজন্তা নেওগে

নলবাৰীৰ নাট্যমন্দিৰত হুইল চেয়াৰ বিতৰণ অনুষ্ঠানত অংশ গ্ৰহণ নলবাৰীৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ ৷ নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন, সাংসদ দিলীপ শইকীয়া, উপায়ুক্ত গীতিমণি ফুকনৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত নলবাৰীত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি সম্পৰ্কে আলোচনা কৰে ৷

author img

By

Published : Jun 19, 2021, 11:05 PM IST

ajanta-neog
নলবাৰীত উপস্থিত অভিভাৱক মন্ত্ৰী অজন্তা নেওগ

নলবাৰী,19 জুন : শনিবাৰে প্ৰথম বাৰৰ বাবে নলবাৰীত উপস্থিত হ’ল নলবাৰীৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ । শনিবাৰে দুপৰীয়া নলবাৰীত উপস্থিত হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে । নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন, সাংসদ দিলীপ শইকীয়া, উপায়ুক্ত গীতিমণি ফুকনৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত নলবাৰীত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি সম্পৰ্কে আলোচনা কৰে ৷

তাৰপাচতে গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ আদৰ্শ বিদ্যালয়ৰ আঁচনিৰ কাম-কাজৰ বুজ লোৱাৰ উপৰিও নিৰ্মীয়মান ইন্দোৰ ষ্টেডিয়াম পৰিদৰ্শন কৰে ৷ তাৰ সমান্তৰালভাৱে নলবাৰীৰ নাট্যমন্দিৰত হুইল চেয়াৰ বিতৰণ অনুষ্ঠানত অংশ গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰী গৰাকীক সংগ দিয়ে সমাজ কল্যাণ বিভাগৰ সঞ্চালক, প্ৰধান সচিব, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা স্থানীয় বিধায়ক জয়ন্তমল্ল বৰুৱাই ৷

এই অনুষ্ঠানৰ পাচতে সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰি অজন্তা নেওগে কয় যে, নলবাৰী জিলাক এখন জাকত জিলিকা জিলা হিচাপে গঢ় দিয়াৰ বাবে এখন ভিজন ডকুমেন্ট বনোৱাৰ পৰিকল্পনা কৰিছে । একেদৰে ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ দল ত্যাগ কৰা সম্পৰ্কত অজন্তা নেওগে মত ব্যক্ত কৰি কয় যে, গোলাঘাট জিলা কংগ্ৰেছ মুক্ত হ’বলৈ গৈ আছে আৰু বিজেপিৰ এটা নিৰ্দিষ্ট ভিজন আৰু আদৰ্শ আছে বাবেই এতিয়া সকলোৱে বিজেপি দলত যোগদান কৰিছে ৷

আনহাতে ৰাজ্যত এতিয়াও অব্যাহত আছে অতিমাৰী ক’ৰণাৰ ভয়াৱহতা ৷ ক’ভিড নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে ইখনৰ পিছত সিখন নীতি-নিৰ্দেশনা ৷ কিন্তু ৰজাঘৰীয়াই ভংগ কৰিছে ক’ভিড প্ৰট’কল । ক’ৰণা অতিমাৰীৰ বাবে সান্ধ্য আইন চলি থকা সময়তো নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত সন্ধিয়া নলবাৰীৰ নাট্য মন্দিৰত অনুষ্ঠিত কৰা হ’ল এক চৰকাৰী অনুষ্ঠান ।

ক’ৰণা সংক্ৰমণৰ মাজতে দিব্যাংগ সকলক বিতৰণ কৰিছে হুইল চেয়াৰ । ক’ৰণাৰ সংকটলৈ ঠেলি কি দৰে দিবাংগ সকলক স্বয়ং মন্ত্ৰীয়ে হুইল চেয়াৰ বিতৰণ কৰিলে তাক লৈও এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ য’ত উপস্থতি থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, সমাজ কল্যাণ বিভাগৰ সঞ্চালক ৷

উল্লেখযোগ্য যে, যিটো সময়ত ক’ৰণা অতিমাৰীৰ বাবে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিল কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সময়ত একাংশ আমোলা বিষয়া তথা একাংশ মন্ত্ৰী বিধায়কে এনেদৰেই ক’ভিড নীতি-নিয়ম ভংগ কৰাটো সহজভাৱে ল’ব পৰা নাই সাধাৰণ জনতাই ৷

লগতে পঢ়ক : ধিং এক্সপ্ৰেছ হিমা দাসৰ ঘৰলৈ যোৱা পথটো নিৰ্মাণ হ’ল নে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.