ETV Bharat / state

নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীলৈ 17 দফিয়া স্মাৰক পত্ৰ প্ৰেৰণ - ৰাইজৰ দল

ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ শুভেচ্ছা বাণী আৰু বিভিন্ন দাবী সম্বলিত 17 দফিয়া এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিয়ে ৷

নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীলৈ 17 দফিয়া স্মাৰক পত্ৰ প্ৰেৰণ

author img

By

Published : May 12, 2021, 9:41 AM IST

নলবাৰী,12 মে': মঙলবাৰে ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিয়ে জিলা উপায়ুুক্তৰ জৰিয়তে ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ শুভেচ্ছা বাণী আৰু বিভিন্ন দাবী সম্বলিত 17 দফিয়া এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ শেহতীয়াভাৱে মহামাৰী কৰ'ণাই জিলাখনত সংহাৰী ৰূপ ধাৰণ কৰাত ক'ভিড সংক্ৰান্তীয় বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে ৷

নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীলৈ 17 দফিয়া স্মাৰক পত্ৰ প্ৰেৰণ

অভিযোগ অনুসৰি, ক'ভিড পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই, হোম আইচ'লেচনত থকা ৰোগী সকলৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে স্বাস্থ্য বিভাগ তদুপৰি আংশিক লকডাউন বলবৎ কৰাৰ ফলত জিলাখনৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমজীবি ৰাইজৰ জীৱনলৈ বিভিন্ন বিপৰ্যয় নামি অহাৰ ফলত একাংশ অসাধু ব্যৱসায়ীয়ে ইয়াৰ সুবিধা গ্ৰহন কৰিছে বুলিও ৰাইজৰ দলে স্মাৰক পত্ৰৰ দ্বাৰা মুখ্যমন্ত্ৰী গৰাকীক অৱগত কৰাই ৷

ইয়াৰ লগতে স্মাৰক পত্ৰত উল্লেখ কৰা আন দাবীসমূহ হ'ল, জিলাখনৰ প্ৰতিখন পঞ্চায়ততেই ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন, প্ৰতিখন জিলা পৰিষদত 100 খন বিছনাযুক্ত ক'ভিড হাস্পতাল স্থাপন, প্ৰতিতো উন্নয়ণ খণ্ডৰ অন্তৰ্গত দুটাকৈ ক'ভিড কেয়াৰ কেন্দ্ৰ স্থাপন, ক'ভিড ৰোগীৰ ঔষধ পাতিকে ধৰি সকলো ধৰণৰ চিকিৎসা বিনামূলীয়া কৰাকে আদি কৰি মুঠ 17টা দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে সমিতিখনে।

লগতে পঢ়ক: ধুবুৰীত কৰ'ণা আক্ৰান্তৰ সংখ্যা ১৩২৭ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.