ETV Bharat / state

চামতাত সাংবাদিক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ

author img

By

Published : Oct 5, 2020, 5:47 PM IST

সাংবাদিক অনিমেষ বৰ্মনৰ আক্ৰমণৰ ঘটনাৰে জড়িত অভিযুক্তক কৰায়ত্ত কৰাৰ দাবীত নলবাৰীৰ চামতাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ উদ্যোগত গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত নলবাৰী জিলা সাংবাদিক সন্থা, আছু, কৰ্মচাৰী পৰিষদ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অংশগ্ৰহণ।

চামতাত সাংবাদিক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ
চামতাত সাংবাদিক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ

নলবাৰী, ৫ অক্টোবৰ: সাংবাদিকৰ ওপৰত ড্ৰাগছ মাফিয়াৰ দলবদ্ধ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত নলবাৰীৰ চামতাত সাংবাদিকৰ লগতে কেইবাটাও সংগঠনৰ প্ৰতিবাদ। সাংবাদিক অনিমেষ বৰ্মনৰ আক্ৰমণৰ ঘটনাৰে জড়িত অভিযুক্তক কৰায়ত্ত কৰাৰ দাবীত চামতাৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত নলবাৰী জিলা সাংবাদিক সন্থা, সদৌ অসম ছাত্ৰ সন্থা, কৰ্মচাৰী পৰিষদ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পশ্চিম নলবাৰী সমিতিৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে।

সাংবাদিক অনিমেষ বৰ্মনৰ আক্ৰমণৰ ঘটনাত জড়িত দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা, ড্ৰাগছ মাফিয়াৰ গুণ্ডাগিৰি বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে৷ সাংবাদিকৰ জীৱনৰ নিৰাপত্তা আৰু সুৰক্ষা দিয়াৰ বাবে প্ৰশাসনক দাবী জনায় সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। প্ৰতিবাদী কাৰ্যসূচীত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই কয় যে, এচাম মানুহে এতিয়া আইন হাতত তুলি লৈছে। এনে অমানৱ আৰু সমাজ বিৰোধী দুস্কৃতিয়ে সাংবাদিকক আক্ৰমণ কৰা ঘটনা গণতন্ত্ৰৰ বাবে অশনি সংকেত।

এইবোৰ অপৰাধীক আৰক্ষীয়ে চিনাক্ত কৰি শাস্তি বিহিবই লাগিব। এই প্ৰতিবাদী সভাত অংশ লৈ নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি তপন শৰ্মাই কয় যে সাংবাদিক অনিমেষ বর্মনক ড্ৰাগছ মাফিয়াই যি আক্ৰমণ কৰিছে সেয়া নিন্দাৰ যোগ্য। ড্ৰাগছৰ দৰে মাৰাত্মক ব্যাধিৰ সৈতে জড়িত সকলো ব্যৱসায়ী আৰু সৰবৰহকাৰীক গ্ৰেপ্তাৰ কৰি এই ক'লা বজাৰখন বন্ধ কৰি সামাজিক পৰিৱেশ সুৰক্ষিত কৰিব লাগিব। ইপিনে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক ব্ৰজেন চৌধুৰীয়ে সাংবাদিক তথা যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ বিত্ত সম্পাদক, ফুটবল ৰেফাৰী অনিমেষ বর্মনৰ ওপৰত চলোৱা আক্ৰমণৰ ন্যায়ৰ দাবী জনায়।

দোষীক শাস্তি প্ৰদান কৰাৰ দাবীত পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। উল্যেখ্য যে, ড্ৰাগছ মাফিয়াৰ দলবদ্ধ আক্ৰমণত গুৰতৰভাৱে আহত হৈ যোৱা শনিবাৰৰ পৰা চিকিৎসাধীন হৈ আছে 'আমাৰ অসম' কাকতৰ চামতাৰ সাংবাদিক অনিমেষ বৰ্মন।

লগতে পঢ়ক : বদৰুদ্দিন আজমলৰ ভোট আমাক নালাগে: ৰনজিৎ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.