ETV Bharat / state

দক্ষিণ পকোৱাত আছুৰ মাস্ক বিতৰণ - মাস্ক বিতৰণ

ক’ভিড-19 ৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে দক্ষিণ পকোৱা অঞ্চলত প্ৰায় দুই শতাধিক ব্যক্তিক মাস্ক বিতৰণ কৰা হয় ৷

mask distribution by assu etv bharat news
দক্ষিণ পকোৱাত আছুৰ মাস্ক বিতৰণ
author img

By

Published : Apr 24, 2021, 10:58 PM IST

Updated : Apr 25, 2021, 6:14 AM IST

নলবাৰী,24 এপ্ৰিল: নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত কৰ’ণা মহামাৰীৰ ভয়াৱহ ৰূপত সংক্ৰমিত হৈছে । তেনে সময়তে দক্ষিণ পকোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে দক্ষিণ পকোৱা অঞ্চলত প্ৰায় দুই শতাধিক ব্যক্তিক মাস্ক বিতৰণ কৰে সংগঠনটোৱে । মাস্ক প্ৰদান কৰি প্ৰতিগৰাকী ব্যক্তিক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে স্বাস্থ্যবিভাগে বান্ধি দিয়া নিয়ম-নীতিসমূহ মানি চলিবলৈ ৰাইজক আহ্বান জনায় ।

তদুপৰি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহ সম্পাদক দিগন্ত ভৰালীয়ে জিলা প্ৰশাসনক আহ্বান জনাই কয় যে, আমাৰ এই অঞ্চলত ক’ভিড-19 য়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আগতে ৰাজহুৱা স্থানসমূহৰ লগতে শিক্ষানুষ্ঠানসমূহ চেনিটাইজ কৰি জন সাধাৰণ আৰু ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষিত কৰিব লাগে । মাস্ক বিতৰণ কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জুলু মহন্ত, দক্ষিণ পকোৱা আছুৰ সভাপতি দ্বীপজ্যোতি তালুকদাৰ, সম্পাদক বংকিম বৰুৱা, শিক্ষা সম্পাদক ধনজিৎ হালৈ, উপদেষ্টা সঞ্জয় শৰ্মা, প্ৰাক্তন ছাত্ৰ নেতা মনোজ ডেকা আৰু যুৱ অভিনেতা সুনয়ন শৰ্মা উপস্থিত থাকে ।

লগতে পঢ়ক : অনিল দেশমুখৰ বিৰুদ্ধে মুম্বাই আৰু নাগপুৰৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান

Last Updated : Apr 25, 2021, 6:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.