ETV Bharat / state

Makhibaha Sabha Mahotsav 2023: ঐতিহ্যমণ্ডিত টিহুৰ মাখিবাহা সভা মহোৎসৱ আৰম্ভ - MP Pabitra Margherita

১৮৯ সংখ্যক ঐতিহ্যমণ্ডিত মাখিবাহা সভা মহোৎসৱ আৰম্ভ (Makhibaha Sabha Mahotsav)। ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোমবাৰৰ পৰা আৰম্ভ হয় ঐতিহ্যমণ্ডিত মাখিবাহা সভা মহোৎসৱ ।

Makhibaha Sabha Mahotsav at Tihu
মাখিবাহা সভা মহোৎসৱ
author img

By

Published : Feb 21, 2023, 2:28 PM IST

মাখিবাহা সভা মহোৎসৱ

নলবাৰী, ২১ ফেব্ৰুৱাৰী: নলবাৰী জিলাৰ টিহু মহকুমাৰ ঐতিহ্যমণ্ডিত ১৮৯ সংখ্যক মাখিবাহা সভা মহোৎসৱ সোমবাৰৰ পৰা ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে (Makhibaha Sabha Mahotsav at Tihu)। মাখিবাহা সভাৰ খোলাত অনুষ্ঠিত মাখিবাহা সভা মহোৎসৱ সোমবাৰে উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ তথা সাংস্কৃতিক কৰ্মী পৱিত্ৰ মাৰ্ঘেৰিটাই (MP Pabitra Margherita)। মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ সভাপতি ফনীন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাখনত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, পদ্মশ্ৰী বঁটা প্ৰাপক অৰণ্য মানৱ যাদৱ পায়েং আদি কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰে ।

মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ সম্পাদক ৰঞ্জিত কুমাৰ শৰ্মাই উদ্দেশ্য ব্যাখ্যা আৰু পৰামৰ্শদাতা গণেশ দত্ত, দেবব্ৰত শৰ্মাই আঁতধৰা সভাখনত অঞ্চলটোৰ চাৰি গৰাকী বয়োজ্যেষ্ঠ সমাজ কৰ্মীক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয় । সভাখনত কৃতী শিক্ষাৰ্থীক অভিনন্দন জনোৱাৰ লগতে সভা মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজিত প্ৰতিযোগিতা সমূহৰ বঁটা সমূহ প্ৰদান কৰা হয় । ইয়াৰ পূৰ্বে পুৱা মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ সভাপতি ফনীন্দ্ৰ নাথ দাসে পতাকা উত্তোলনেৰে সভা মহোৎসৱৰ কাৰ্যসূচী পাতনি মেলাৰ পিছতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰা হয় । ইয়াৰ পিছত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

ইপিনে,সন্ধিয়া গাঁওখনৰ বিভিন্ন চুবুৰীৰ মন্দিৰৰ বিগ্ৰহ নাম-প্ৰসংগ, ধৰ্মীয় আৰু সাংস্কৃতিক শোভাযাত্ৰাৰে আনি মাখিবাহা হৰিমন্দিৰত স্থাপন কৰা হয় । নিশালৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । সভা মহোৎসৱৰ আটাইকেইদিনতে ভাগৱত পাঠ, হোম-যজ্ঞ, নাম কীৰ্তন, যাত্ৰাপাৰ্টীৰ দ্বাৰা নাট প্ৰদৰ্শন, নাগাৰা নাম, ঢুলীয়া প্ৰদৰ্শন, নাট্যভিনয়, প্ৰশ্ন মঞ্চ ,সাহিত্য ,সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব । সভা মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা বাণিজ্য মেলাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বহিঃৰাজ্যৰ ব্যৱসায়িক প্ৰতিষ্ঠানেও অংশগ্ৰহণ কৰিছে ।

উল্লেখ্য় যে অহা ২৮ ফেব্ৰুৱাৰীত মাখিবাহা সভা মহোৎসৱৰ সামৰণি পৰিব । ইপিনে ,মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে টিহু মাখিবাহা সভা মহোৎসৱস্থলীক জগত সভালৈ নিয়াৰ আশ্বাস প্ৰদান কৰে (Minister Ranjit Kumar Das) । আগন্তক দিনত মুখ্যমন্ত্ৰীৰ সপোন মৰ্মে মাখিবাহা সভা বিশ্বৰ পৰ্যটন থলীলৈ ৰূপান্তৰ কৰি ২০০ বছৰৰ প্ৰাকক্ষনত এই সভা চলাই নিয়াক শলাগ লয় মাখিবাহাবাসীক । আনহাতে,মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই ২০০ বছৰৰ প্ৰাকক্ষনত ১৮৯ বছৰ এখন সভা পুৰুষৰ পিছত পুৰুষে একাত্মক আধ্যাত্মিকতাৰে পৰিচালনা কৰি অহা বাবে মাখিবাহাবাসীক কৃতজ্ঞতা জনায় ।

উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত ১৮৯ সংখ্যক মাখিবাহা সভা মহোৎসৱত মুখ্য অতিথিৰূপে উপস্থিত থকাৰ কথা আছিল যদিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে নগালেণ্ডৰ নিৰ্বাচনত ব্যস্ত থকাৰ হেতুকে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত সভাথলী ৯ দিনীয়া কৰ্যসূচীৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।

লগতে পঢ়ক:Ministry of Home Affairs : জাৰ্মানীত শিশু সুৰক্ষাৰ ওপৰত ৰাষ্ট্ৰসংঘৰ আৰক্ষী প্ৰশিক্ষণৰ বাবে আবেদনৰ আহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.