ETV Bharat / state

বকোত পথ দুৰ্ঘটনাত মৃত্যু অভিনেতা ৰাজমোহন ৰাভাৰ; নলবাৰীতো ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল এজনৰ

author img

By

Published : Dec 6, 2019, 7:11 PM IST

গনেশ মন্দিৰ পথত সংঘটিত হ'ল এই ভয়াবহ দুৰ্ঘটনা ৷ দুই পথচাৰীকো মহতিয়ালে তীব্ৰবেগী ডাম্পাৰে ৷ সংকটজনক অৱস্থাত দুয়োকে নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি ৷ নিশা বকোৰ শাখাতিতো ভয়াবহ পথ দুৰ্ঘটনা ৷ স্কুটি ট্ৰাকৰ সংঘৰ্ষত থিতাতে প্ৰাণ গ'ল মঞ্চৰূপা থিয়েটাৰৰ অভিনেতা ৰাজমোহন ৰাভাৰ ৷

নলবাৰীত তীব্ৰবেগী ডাম্পাৰৰ আতংক : থিতাতে নিহত চাইকেল আৰোহী

নিউজ ডেস্ক, 6 ডিচেম্বৰ: শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হল শোকাৱহ পথ দুৰ্ঘটনা ৷ কালিকালগা দিনটোতেই নলবাৰী আৰু বকোত সংঘটিত পৃথক-পৃথক পথ দুৰ্ঘটনাত থিতাতে মৃত্যুক সাৱটি ল'লে দুজনকৈ লোকে ৷

নলবাৰীত আজি দিনৰ ভাগত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চহৰখনত দিনক দিনে বৃদ্ধি পোৱা তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্মৰ ফলস্বৰূপেই অত্যাধিক বেগত থকা এখন ডাম্পাৰে মহতিয়াই নিলে এজন চাইকেল আৰোহীৰ লগতে কাষেৰে পাৰ হৈ যোৱা দুই পথচাৰীক ৷ দুৰ্ঘটনাটোত চাইকেল আৰোহী জন থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুত্বৰভাৱে আহত লোকক স্থানীয় লোকে সংকটজনক অৱস্থাত নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷

আহত লোক দুজনৰ নাম ক্ৰমে জোন আলী আৰু বৰপেটাৰ প্ৰাঞ্জল কাকতি বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন ঘাগ্ৰাপাৰত জব্দ কৰিছে ৷ ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ক্ষুব্ধ ৰাইজে দীৰ্ঘ সময় ধৰি 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷

বকোৰ শাখাতিতো বৃহস্পতিবাৰে মাজ নিশা এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ স্কুটি আৰু ট্ৰাকৰ ভয়াবহ সংঘৰ্ষত প্ৰাণ হেৰুৱালে উদয়মান থিয়েটাৰ অভিনেতা অনুপম কৌশিক ৰাভাই ৷ লগতে দুৰ্ঘটনাটোত আহত হয় আন এগৰাকী অভিনেতা ৰাজমোহন ৰাভা ৷ আহত গৰাকীক সংকটজনক অৱস্থাত নিশাই গুৱাহাটীস্থিত জি এন আৰ চিত ভৰ্তি কৰোৱা হয় ৷ উল্লেখযোগ্য যে, নিহত অভিনেতা ৰাজমোহন ৰাভা মঞ্চৰূপা থিয়েটাৰৰ সৈতে জড়িত আছিল ইয়াৰোপৰি তেওঁ বিশিষ্ট অভিনেতা স্বৰ্গীয় কমলা ৰাভাৰ পুত্ৰ ৷

etv bharat assam
নিহত অভিনেতা অনুপম কৌশিক ৰাভা

আৰু পঢ়ক: শুৱালকুছিৰ সাধুটোলত ন- বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা

Intro:নলবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা।Body: নলবাৰীত এতিয়া আতঙ্ক হৈ পৰিছে নিয়ন্ত্ৰণ হীন ভাবে চলি থকা ডাম্পাৰ । আজি নলবাৰীৰ গনেশ মন্দিৰত সংঘটিত হল শোকাবহ পথ দুৰ্ঘটনা । দ্ৰুতবেগী ডাম্পাৰৰ খুণ্ডাত থিতাতে নিহত হল এজন চাইকেল আৰোহী । লগতে আন দুজন পথচাৰীকো মহতীয়াই নিলে নিয়ন্ত্ৰণ হীন ডাম্পাৰে । সংকটজনক অৱস্থাত দুই পথচাৰীক নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি । পিচত মুমূৰ্ষু অবস্থাত নলবাৰীৰ কৰ্দৈতলাৰ জোন আলি আৰু বৰপেটাৰ প্ৰাঞ্জল কাকতিক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । নিহত লোক জন এতিয়া লৈকে চিনাক্ত হোৱা নাই । দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ডাম্পাৰ খন ঘগ্ৰাপাৰত আৰক্ষীয়ে জব্দ কৰিছে । ইপিনে ক্ষুদ্ধ ৰাইজে অৱৰোধ কৰিলে 31 নং ৰাষ্ট্ৰীয় ঘাই পথ।
Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.