ETV Bharat / state

লক্​ ডাউনে কোঙা কৰিছে মুকালমুৱাৰ মৃৎ শিল্পীক - Lock down

মৃৎ শিল্পৰ ওপৰতো লক্​ ডাউনৰ প্ৰভাৱ ৷ নলবাৰীৰ মুকালমুৱাৰ মৃৎ শিল্পীসকলৰ মাজত লক্​ ডাউনৰ ফলত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷

লক্​ ডাউনৰ প্ৰভাৱ
লক্​ ডাউনৰ প্ৰভাৱ
author img

By

Published : May 2, 2020, 4:29 PM IST

নলবাৰী,2 মে’ঃ দীৰ্ঘদিনে ৰাজ্যত অব্যাহত আছে মৃৎ শিল্পৰ দুৰৱস্থা ৷ শেহতীয়া পৰিস্থিতিৰ বাবে এই শিল্পতো প্ৰভাৱ পৰিছে লক্​ ডাউনৰ ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অন্তৰ্গত মুকালমুৱাত মৃৎ শিল্পীসকলৰ মাজত বৰ্তমান সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । লক্​ ডাউনৰ বাবে বজাৰ বন্ধ হোৱাৰ ফলত বিক্ৰী কৰিব পৰা নাই নিৰ্মিত কোনো সামগ্ৰী ৷

লক্​ ডাউনৰ প্ৰভাৱ

পূৰ্বে ৰেড জ’ন ঘোষিত নলবাৰী জিলা সম্প্ৰতি কৰ’ণামুক্ত হোৱাত চৰকাৰে গ্ৰীণ জ’ন ঘোষণা কৰে ৷ লক্​ ডাউন ক্ৰমাৎ দীঘলীয়া আৰু অধিক কঠোৰ হোৱাৰ বাবে নিৰ্মিত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰাত আৰ্থিক সংকটৰ সন্মুখীন হৈছে শিল্পীসকল ৷ ফলত খাদ্য সংকটৰ সন্মুখীন হৈছে এই শিল্পত জড়িত প্ৰতিটো পৰিয়াল ৷ চৰকাৰে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সময়ত সহায় আগবঢ়াই আহিছে যদিও উক্ত অঞ্চলৰ লোকসকলে এতিয়াও লাভ কৰা নাই কোনো সাহায্য ৷ আজিৰ তাৰিখলৈকে কোনো চৰকাৰী আঁচনিৰ অধীনত সুবিধা লাভ নকৰা পৰিয়ালকেইটাৰ প্ৰতি সদয় হোৱা নাই স্থানীয় জন প্ৰতিনিধি ৷

লগতে চাওকঃ বঙাইগাঁৱত নিচাসক্ত পুত্ৰক হত্যা পিতৃৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.