ETV Bharat / state

ৰাস মহোৎসৱ উপলক্ষে নলবাৰীত স্থানীয় বন্ধ ঘোষণা জিলা প্ৰশাসনৰ - ৰাস মহোৎসৱ

ৰাস মহোৎসৱ উপলক্ষে নলবাৰী জিলা প্ৰশাসনে 28 নৱেম্বৰত ঘোষণা কৰিছে স্থানীয় বন্ধ ৷ বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়, চৰকাৰী শিক্ষানুষ্ঠান ৷

Local Holiday in Nalbari for Raas Mahotsav
ৰাস মহোৎসৱৰ উখল-মাখল পৰিৱেশ
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 10:52 PM IST

নলবাৰী, 27 নৱেম্বৰ : শাৰদীয় দুৰ্গোৎসৱৰ পাছতেই ৰাজ্যত এতিয়া ৰাস মহোৎসৱৰ উখল-মাখল পৰিৱেশ ৷ উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় তথা পৰাম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হৈছে পবিত্ৰ ৰাস মহোৎসৱ ৷

নলবাৰীতো উলহ-মালহেৰে উদযাপন কৰা হৈছে এই ৰাস মহোৎসৱৰ ৷ জিলাখনত আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত কেইবাখনো ৰাস ৷ ৰাস মহোৎসৱ উপলক্ষে সমগ্ৰ জিলাখনতে দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ ৷ ৰাস মহোৎসৱ উদযাপনস্থলীত বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ৷

Local Holiday in Nalbari for Raas Mahotsav
স্থানীয় বন্ধ ঘোষণা নলবাৰী জিলা প্ৰশাসনৰ

ইফালে ৰাস মহোৎসৱ উপলক্ষে নলবাৰীত জিলা প্ৰশাসনে ঘোষণা কৰিছে স্থানীয় বন্ধ ৷ 28 নৱেম্বৰ অৰ্থাৎ মঙলবাৰে চৰকাৰী স্থানীয় বন্ধ ঘোষণা নলবাৰী জিলা প্ৰশাসনৰ ৷ উল্লেখযোগ্য যে 90 সংখ্যক নলবাৰীৰ শ্ৰীশ্ৰী ৰাস মহোৎসৱ উপলক্ষে প্ৰতি বছৰে জিলা প্ৰশাসনে এনেদৰে স্থানীয় বন্ধ ঘোষণা কৰি আহিছে ৷ এইবেলিও ৰাস মহোৎসৱৰ তৃতীয় দিনা এক জাননী জাৰি কৰি স্থানীয় বন্ধ ঘোষণা কৰিছে নলবাৰী জিলা প্ৰশাসনে ৷ 28 নৱেম্বৰ মঙলবাৰে নলবাৰী জিলাৰ সকলো চৰকাৰী কাৰ্যালয়, চৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব জিলাখনত ৷

উল্লেখ্য যে, নলবাৰীৰ ৰাস মহোৎসৱৰ এক ঐতিহ্য আছে ৷ জিলাখনত এই মহোৎসৱ ভক্তিভাৱৰ লগতে যথেষ্ট উলহ-মালহেৰে উদযাপন কৰা হয় ৷ ইতিমধ্যে 26 নৱেম্বৰত শুভ উদ্বোধন হ’ল নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৯০ সংখ্যক ৰাস মহোৎসৱৰ । প্ৰতিবছৰে ব্যয় বহুল তথা বিশাল প্ৰস্তুতিৰে অনুষ্ঠিত হয় এই ৰাস মহোৎসৱ ৷ ৯০ সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ধাৰাবাহিক মহাভাৰতত কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা নীতিষ ভৰদ্বাজ । ইয়াৰ লগতে উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি , ৰাজনৈতিক নেতা-মন্ত্ৰী আৰু সাংসদ ।

লগতে পঢ়ক : 9 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ল নলবাৰীৰ ৰামপুৰ ৰাস মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.