ETV Bharat / state

উৰুকাৰ উপলক্ষে মাছ ধৰাত ব্যস্ত নলবাৰীৰ এজন থলুৱা মীন পালক

author img

By

Published : Jan 12, 2021, 10:12 PM IST

উৰুকা উপলক্ষে মাছ ধৰাৰ বাবে পুখুৰীত নামিল নলবাৰিৰ দিলীপ হালৈ নামৰ এজন থলুৱা মীন পালক ৷ সাংবাদিকক জানিবলৈ দিয়া অনুসৰি প্ৰতিটো বৰ্ষত প্ৰায় ২৫ কুইন্টলকৈ মাছ বিক্ৰী কৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰতিবছৰে 25 লাখ টকালৈকে লাভ আদায় কৰে বুলি জানিবলৈ দিছে দিলীপ হালৈয়ে ।

local-fishing-at-nalbari
উৰুকাৰ উপলক্ষে মাছ ধৰাত ব্যস্ত নলবাৰীৰ এজন থলুৱা মীন পালক

নলবাৰী, 12 জানুৱাৰী : উৰুকাৰ বজাৰত বিধে বিধে মাছ যোগান ধৰিবলৈ নিজৰ পুখুৰীত নামি মাছ মৰাত ব্যস্ত হৈ পৰিছে এজন শিক্ষিত যুৱক । নলবাৰীৰ দাহুদি গাঁৱৰ দিলীপ হালৈ নামৰ 41 বছৰীয়া যুৱকজনে চৰকাৰী চাকৰিৰ আশা ত্যাগ কৰি পিতৃয়ে চলাই যোৱা মৎস্য ব্যৱসায় খনকে নতুন ৰূপ দি আগবঢ়াই নিছে ।

প্ৰায় তিনিশ বিঘা ভূমিত ৯ টাকৈ পুখুৰীত মৎস্য পালন কৰি নিজকে সংস্থাপিত কৰাৰ উপৰিও অন্য ৪৫ টা পৰিয়ালক উপাৰ্জন পথ দিছে দিলীপ হালৈয়ে । উল্লেখ্য যে, প্ৰতিটো বৰ্ষত প্ৰায় ২৫ কুইন্টলকৈ মাছ বিক্ৰী কৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰতিবছৰে 25 লাখ টকালৈকে লাভ আদায় কৰে বুলি জানিবলৈ দিছে দিলীপ হালৈয়ে ।

মীন পালক গৰাকীয়ে সাংবাদিকৰ আগত সদৰি কৰা মতে, নলবাৰী, গুৱাহাটী, শ্বিলং, লখিমপুৰ, শিলচৰ আদি লৈকে মাছ যোগান ধৰে দিলীপ হালৈয়ে ৷

লগতে পঢ়ক : নিৰ্বাচনী প্ৰস্তুতিৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.