ETV Bharat / state

মুখ্যমন্ত্ৰীলৈ গো-মাংস প্ৰেৰণৰ পোষ্ট কৰি বিপদত যুৱতী

author img

By

Published : Jul 22, 2021, 2:16 PM IST

Updated : Jul 22, 2021, 3:18 PM IST

মুখ্যমন্ত্ৰীলৈ গো-মাংস(beef) প্ৰেৰণ সন্দৰ্ভত এটি পোষ্ট আগবঢ়াই বিপদত পৰিল যুৱতী ৷ বিধানসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গো-সংৰক্ষণ বিধেয়ক(cattle preservation bill) উত্থাপন কৰাৰ পিছতে সংঘটিত হোৱা এই ঘটনাই ৰাজ্যৰ ৰাজনীতিত বহন কৰিছে বিশেষ তাৎপৰ্য ৷

lady brings legal trouble for her by offering beef to cm Himanta bishwa Sarma
মুখ্যমন্ত্ৰীক গো-মাংস ভক্ষণৰ প্ৰস্তাৱ আগবঢ়াই বিপদত যুৱতী

নলবাৰী, 22 জুলাই : বুধবাৰে ৰাজ্যৰ ইছলামধৰ্মী লোকসকলে পালন কৰে পবিত্ৰ ঈদ ৷ ঈদ উদযাপনৰ মাজতে সংঘটিত হোৱা এক ঘটনাই যুৱ প্ৰজন্মৰ এচামৰ মাজত দেখা দিয়া সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ প্ৰৱণতাৰ দিশটো পোহৰলৈ আনে ৷ নলবাৰী জিলাৰ কমাৰকুছি থানাৰ অন্তৰ্গত কমাৰকুছি গাঁৱৰ এগৰাকী যুৱতীয়ে বুধবাৰে নিজৰ নম্বৰত থকা হোৱাটছ এপৰ ষ্টেটাচ(whatsAap status)ত কিছু বিতৰ্কিত ফটো প্ৰচাৰ কৰে ৷ ষ্টেটাছযোগে যুৱতীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)লৈ গো-মাংস(beef) প্ৰেৰণৰ প্ৰস্তাৱ আগবঢ়ায় ৷

প্ৰাপ্ত তথ্য অনুসৰি, যুৱতীগৰাকীয়ে প্ৰথমে এটা মৃত গৰুৰ ফটো প্ৰচাৰ কৰে ৷ ইয়াৰ পিছতেই গো-মাংসৰ টুকুৰা কৰি থকা অন্য এখন ফটো দি তাৰ কিছু অংশ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিব বুলি বিতৰ্কিত মন্তব্য কৰে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক এইদৰে গো-মাংস প্ৰেৰণৰ প্ৰস্তাৱ দিয়াৰ বিষয়টোত বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ এয়া মুখ্যমন্ত্ৰীগৰাকীৰ লগতে হিন্দু সমাজৰ প্ৰতি কৰা অপমান বুলিও মত পোষণ কৰে সংগঠনটোৱে ৷

বিশ্ব হিন্দু পৰিষদৰ গোচৰ ৰুজু

এই ঘটনাৰ বিৰোধ কৰি বিশ্ব হিন্দু পৰিষদ(Bishwa Hindu Parishad) ৰ নলবাৰী জিলা শাখাই ইতিমধ্যে নলবাৰী সদৰ আৰক্ষী থানাত দোষীক উপযুক্ত শাস্তি প্ৰদানৰ উদ্দেশ্যে এক গোচৰ ৰুজু কৰে ৷

উল্লেখ্য যে, শেহতীয়াকৈ বিধানসভাত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গো-সংৰক্ষণ বিল(cattle preservation bill) উত্থাপন কৰিছিল ৷ এই বিলক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত আলোচনা তথা মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বহু বিতৰ্কিত বিলখনে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকাৰ সময়তেই এইদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ এগৰাকী যুৱতীয়ে গো-মাংস প্ৰেৰণৰ প্ৰস্তাৱ আগবঢ়োৱা বিষয়টোৱে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : মুলসূঁতিলৈ ঘূৰি আহিল বাথা

Last Updated : Jul 22, 2021, 3:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.