নলবাৰী,12 নৱেম্বৰ: এটা ব্যক্তিগত টেলিভিছন চেনেলত কৰ্মৰত কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাক বুধবাৰে নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই ঘৰৰ সমীপতে হত্যা কৰে ৷ সাংবাদিকগৰাকীৰ হত্যাৰ বিৰুদ্ধে ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে প্ৰতিবাদ ৷
পৰাগ ভূঞাৰ মৃত্যুৰ তদন্ত দাবী কৰি দোষীক শাস্তি প্ৰদানৰ দাবীত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে নলবাৰী জিলা প্ৰেছ ক্লাবে ৷ তদুপৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰে প্ৰতিবাদী সাংবাদিকসকলে ৷ উপস্থিত সাংবাদিকসকলে ক’লা বেজ পৰিধান কৰি এই হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে চাওকঃ দুই সন্তানৰ মাতৃৰ আত্মহত্যা