ETV Bharat / state

হীৰেণ গোহাঞি আচলতে বামপন্থী চিন্তা ধাৰাৰ মানুহ: জয়ন্ত মল্ল বৰুৱা - শ্ৰী শ্ৰী বালিলেছা কালি দেৱালয়

হীৰেণ গোহাঞিয়ে এসময়ত নামঘৰ সমূহ অসমৰ জাতীয় জীৱনৰ এক অংগ বুলি মন্তব্য কৰি, এতিয়া নামঘৰলৈ প্ৰদান কৰা আৰ্থিক অনুদানৰ বিৰোধিতা কৰিছে ৷ হীৰেণ গোহাঞি আচলতে বামপন্থী চিন্তা ধাৰাৰ মানুহ বুলি সংবাদ মাধ্যমযোগে মন্তব্য কৰে পৰ্যটন বিভাগৰ অধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই ৷

জয়ন্ত মল্ল বৰুৱা
জয়ন্ত মল্ল বৰুৱা
author img

By

Published : Sep 6, 2020, 5:39 PM IST

Updated : Sep 6, 2020, 9:25 PM IST

নলবাৰী, 6 ছেপ্তেম্বৰ: দেওবাৰে নলবাৰীৰ শ্ৰী শ্ৰী বালিলেছা কালি দেৱালয়ত উপস্থিত হৈ অসম দৰ্শন আঁচনিৰ আধাৰশিলা স্থাপন কৰে পৰ্যটন বিভাগৰ অধ্যক্ষ তথা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই ৷ আধাৰশিলা স্থাপন কাৰ্যসূচীৰ পাচতে তেওঁ সংবাদ মাধ্যমযোগে বাৰ্তালাপ কৰি নিৰ্বাচন সম্বন্ধীয় কেতবোৰ মন্তব্য আগবঢ়ায় ৷ বিজেপি দলত টিকট বিচৰাৰ নিয়ম নাই, যাক যেনেকৈ দায়িত্ব প্ৰদান কৰা হয় তেওঁ তেনেকৈয়ে নিজৰ কৰ্তব্য পালন কৰি যায় ৷ গতিকে 2021 ত তেওঁক যি দায়িত্ব প্ৰদান কৰিব তেওঁ তাকেই পালন কৰিব বুলি মন্তব্য কৰে ৷ ইয়োৰোপৰি তেওঁ কয়, হীৰেণ গোহাঞিয়ে নামঘৰলৈ যি আৰ্থিক অনুদান প্ৰদান কৰা হৈছে তাৰ বিৰোধিতা কৰিছে ৷ এসময়ত নামঘৰ সমূহ অসমৰ জাতীয় জীৱনৰ এক অংগ বুলি মন্তব্য কৰি, এতিয়া তেওঁ কিয় এনে কাৰ্যৰ বিৰোধিতা কৰিছে নাজানো ৷ হীৰেণ গোহাঞি আচলতে বামপন্থী চিন্তা ধাৰাৰ মানুহ বুলিও তেওঁ মন্তব্য কৰে ৷

হীৰেণ গোহাঞি আচলতে বামপন্থী চিন্তা ধাৰাৰ মানুহ: জয়ন্ত মল্ল বৰুৱা

2021 চনৰ নিৰ্বাচনত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত অনুসৰি, ইতিমধ্যেই যিকেইটা দলৰ মিত্ৰজোটৰ চৰকাৰ চলি আছে সেই দলকেইটাইয়ে মিত্ৰতাৰে প্ৰাৰ্থিত্ব আগবঢ়াব ৷ গতিকে কোনটো সমষ্টি কোন দলক আৰু কোন প্ৰৰ্থীক প্ৰদান কৰিব সেই বিষয়ে পৰৱৰ্তী সময়ত শীৰ্ষ নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰিব ৷ লগতে মিত্ৰজোটৰ দলটোৱে আগন্তুক নিৰ্বাচনত 100 তকৈয়ো অধিক আসন লাভ কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞ হৈ কাম কৰিছে বুলি বিজেপিৰ উপ-সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: চিকিৎসক ৰাহুল বসুমতাৰীৰ ওদালগুৰিৰ বাসগৃহত শোকৰ ছাঁ

Last Updated : Sep 6, 2020, 9:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.