ETV Bharat / state

নন্দিতাৰ হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবী জাতীয় মহিলা পৰিষদৰ - নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠনটোৱে

নন্দিতাৰ মৃত্যুৰ লগে লগে এতিয়া সৰ্বত্ৰে প্ৰতিবাদৰ জোৱাৰ উঠিছে । হত্যাকাৰী ৰিণ্টু শইকীয়াক উচিত শাস্তিৰ দাবীত বিভিন্ন দল-সংগঠনে ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰে । নলবাৰীতো দেখা গ'ল প্ৰতিবাদ ।

Jatiya mohila parishad
নন্দিতাৰ হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবীত জাতীয় মহিলা পৰিষদৰ প্ৰতিবাদ
author img

By

Published : Aug 26, 2021, 7:27 PM IST

Updated : Aug 26, 2021, 9:34 PM IST

নলবাৰী,২৬ আগষ্ট: নাৰীৰ ওপৰত নিৰ্যাতনৰ ঘটনা অসমৰ বাবে কোনো নতুন কথা নহয় । প্ৰতিদিনে অসমত নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আহিছে । কিন্তু শেহতীয়াকৈ ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ (Nandita Saikia) মৃত্যুৱে সমগ্ৰ ৰাজ্যতে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে ।

মেধাৱী ছাত্ৰীগৰাকীৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক কঠোৰতকৈও কঠোৰতম শাস্তি প্ৰদানৰ দাবীত ৰাজ্যৰ চাৰিওফালে এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে । নলবাৰী জিলাতো অসম জাতীয় পৰিষদৰ (Assam Jayiya Parishad) কাৰ্যালয়ৰ সন্মুখত জাতীয় মহিলা পৰিষদে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে । নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠনটোৱে ।

নন্দিতাৰ হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবী জাতীয় মহিলা পৰিষদৰ

ৰাজ্যত বৰ্ধিত নাৰী নিৰ্যাতনৰ ঘটনাকলৈ সৰৱ হৈ পৰে জাতীয় মহিলা পৰিষদ । নিতৌ সামাজিক মাধ্যমত নাৰীৰ ওপৰত চলি অহা নিৰ্যাতনৰ খবৰবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ স্কুলীয়া বা কলেজীয়া পাঠ্যক্ৰমতো নাৰী সুৰক্ষাৰ ওপৰত পাঠদান আৰম্ভ কৰাৰ বাবে দাবী উত্থাপন কৰে জাতীয় মহিলা পৰিষদে । নাৰীৰ ওপৰত হোৱা অমানুষিক অত্যাচাৰৰ ন্যায়িক ব্যৱস্থা অধিক খৰতকীয়া কৰাৰ বাবেও চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে মহিলা সংগঠনটোৱে । ইফালে ধেমাজিৰ ঘটনা ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি দোষী ৰিণ্টু শৰ্মাক শাস্তি প্ৰদান কৰিবলৈও সংগঠনৰ কৰ্মকৰ্তাসকলে আহ্বান জনায় ।

উল্লেখ্য যে, যোৱা ২১ আগষ্টত মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক ৰিণ্টু শৰ্মা নামৰ যুৱকজনে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল । ৰিণ্টুৱে দাৰে আক্ৰমণ কৰাত নন্দিতাই মূৰত যথেষ্ট আঘাত পাইছিল । সংকটজনক অৱস্থাত নন্দিতাক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও বুধবাৰে নন্দিতাৰ মৃত্যু হয় ।

লগতে পঢ়ক:লাহৰিঘাটত উদ্ধাৰ চুৰি হোৱা চিমেণ্ট ভৰ্তি ট্ৰাক

Last Updated : Aug 26, 2021, 9:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.