নলবাৰী, ১৬ অক্টোবৰ : ইতিহাস থিয়েটাৰৰ এখন অতি জনপ্ৰিয় নাটক হিচাপে চৰ্চিত হৈ পৰিছে 'সোণৰ খাৰু নালাগে মোক' শীৰ্ষক নাটকখন । ৰাজ্যৰ যি ঠাইতে নাটকখন প্ৰদৰ্শন কৰা হৈছে তাতে ভিৰ কৰিছে দৰ্শকে । ক'ভিড-১৯ৰ সংক্ৰমণ অব্যাহত থকা বাবে ভ্ৰাম্যমাণ থিয়েটাৰ কলা-কুশলীসকললৈ এক প্ৰকাৰ সংকট আহি পৰিছিল । কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শনৰ অনুমতি দিছে ।
অৱশ্যে, ক'ভিড প্ৰট'কল মানি চলিহে নাট প্ৰদৰ্শনৰ অনুমতি দিয়া হৈছে । সেয়ে, চৰকাৰৰ নিৰ্দেশনা মানি নাটক প্ৰদৰ্শন কৰিছে কলা-কুশলীসকলে । ৰাইজেও ভ্ৰাম্যমাণ থিয়েটাৰৰ দলবোৰলৈ বিপুল সঁহাৰি আগবঢ়োৱা দেখা গৈছে । আন আন থিয়েটাৰৰ লগতে তিনিখন নাট লৈ ইতিহাস থিয়েটাৰেও ভিন্ন প্ৰান্তত ৰাইজৰ কাষ চাপিছে ।
শুকুৰবাৰে নাট্যগোষ্ঠী নলবাৰীৰ বেলশৰত 'সোণৰ খাৰু নালাগে মোক' শীৰ্ষক নাটকখন প্ৰদৰ্শন কৰে । ট্ৰেজেদী কিং খ্যাত মৃদুল ভূঞা আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ ৰোমান্টিক যুতিয়ে অভিনয় কৰা 'সোণৰ খাৰু নালাগে মোক' শীৰ্ষক নাটকখনৰ প্ৰথম আৰু দ্বিতীয় দৰ্শনীৰ নাট উপভোগ কৰিবলৈ দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হয় ।
নাটখনে দৰ্শকৰ পৰা লাভ কৰা সমাদৰৰ প্ৰতি লক্ষ্য ৰাখি ১৪ অক্টোবৰৰ পৰা তিনি দিনীয়াকৈ নাট প্ৰদৰ্শন কৰিব নাট্যগোষ্ঠীটোৱে । ইতিহাস থিয়েটাৰ নাট্যগোষ্ঠীয়ে ভুল নুবুজিবা ভূপেন দা, সোণৰখাৰু নালাগে মোক আৰু বৃদ্ধাশ্ৰমত জুই নামৰ তিনিখন নাট প্ৰদৰ্শন কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে । বিশেষকৈ বাস্তৱ প্ৰেম কাহিনীৰ আধাৰত ৰচিত 'সোণৰ খাৰু নালাগে মোক' শীৰ্ষক নাটকখনে দৰ্শকক আবেগিক কৰি তোলে ।
জিলাখনৰ তিনিটা স্থানত ইতিহাসৰ মঞ্চত ভুল নুবুজিবা ভূপেন দা শীৰ্ষক নাটখনেও সমাদৰ লাভ কৰা দেখা যায় । দৰ্শকৰ সঁহাৰি দেখি কৃতজ্ঞতা প্ৰকাশ কৰে অভিনেতা মৃদুল ভূঞাই । লগতে তেওঁ সকলোকে মাস্ক পৰিধান কৰি নাট উপভোগ কৰিবলৈ আহিবলৈ দৰ্শকক আহ্বান জনায় ।
লগতে পঢ়ক : অসম আন্দোলনৰ অগ্ৰণী নেতা বগামল দত্তৰ বিয়োগ