নলবাৰী, 22 জুলাই: নলবাৰীত বান সাহাৰ্য প্ৰদানত ব্যাপক অনিয়মৰ অভিযোগ (Corruption in Flood relief)। একেটা পৰিয়ালৰে দুই তিনি সদস্যই বান সাহাৰ্য লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে নলবাৰীত । বান শিবিৰত থকা পৰিয়ালক চৰকাৰে আগবঢ়োৱা সাহাৰ্য প্ৰদানত বৰভাগৰ ৰাইৎকুছি গাঁৱত বিজেপি কৰ্মীয়ে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (Allegation against BJP worker) ৷
ফলত ক্ষোভিত হৈ ৰাজপথলৈ ওলাই আহিল ভুক্তভোগী ৰাইজ । গাঁওখনত একেটা পৰিয়ালৰে দুই তিনিজন সদস্যই বান শিবিৰৰ নামত অহা চৰকাৰী সাহাৰ্য লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত ৰাইজে । উল্লেখ্য যে বিগত দুটাকৈ প্ৰলয়ংকাৰী বানে সকলো তচনচ কৰি থৈ গৈছিল ৰাজ্যৰ লগতে নলবাৰীতো ।
বিশেষকৈ নলবাৰীৰ বৰভাগ অঞ্চলটোক ভয়ানকভাৱে ক্ষতিগ্ৰস্ত কৰি থৈ গৈছিল এই বানে (Flood in Nalbari) ৷ উটুৱাই লৈ গৈছিল বহু লোকৰ সপোনৰ ঘৰখন ৷ এই বলীয়া বানৰ ফলতে গাঁওখনৰ ১৪০ ঘৰ লোকে সৰ্বস্বান্ত হৈ আশ্ৰয় গ্ৰহণ কৰিছিল শিবিৰত । পিছে অঞ্চলটোৰ মাত্ৰ ১০৯ ঘৰ লোকেহে লাভ কৰে শিবিৰৰ নামত অহা ৩৮০০ টকাৰ চৰকাৰী সাহাৰ্য ।
ইয়াতে ক্ষোভিত হৈ পৰিছে বান সাহাৰ্যৰ পৰা বঞ্চিত লোকসকল ( Irregularities galore in flood relief distribution) । অঞ্চলটোৰ বিজেপিৰ সভাপতি প্ৰদীপ কলিতাৰ বিৰুদ্ধে বান সাহাৰ্য প্ৰদানৰ নামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ।
লগতে পঢ়ক: Father killed his Son: পিতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ