নলবাৰী,19 নৱেম্বৰঃ বুধবাৰে নলবাৰী ৰাজীৱ ভৱনত প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ১০৪ সংখ্যক জন্ম দিৱস উদৰ্যাপন কৰা হয় । নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত প্ৰয়াত প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম দিৱস উদযাপন কৰা হয় । ১০৪ সংখ্যক জন্ম দিৱসৰ কাৰ্যসূচী উপলক্ষে বন্তি প্ৰজ্বলন, মাল্যৰ্পণেৰে সোঁৱৰণ কৰে কংগ্ৰেছ নেতা-কৰ্মী সকলে। উল্লেখযোগ্য যে, কাৰ্যসূচীত উপস্থিত থাকি নলবাৰী মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰে বন্তি প্ৰজ্বলন কৰে ৷ মাল্যপণ কৰে জিলা কংগ্ৰেছৰ সাধৰণ সম্পাদক দিব্যজ্যোতি হালৈয়ে ৷ লুটফুৰ ৰহমানকে ধৰি কেইবাগৰাকীও কংগ্ৰেছৰ নেতা কৰ্মী উপস্থিত থাকে অনুস্থানটোত ।
ইফালে নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ নিৰ্দেশমৰ্মে ৫৯ নং নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ উদ্যোগত বুধবাৰে ঘগ্ৰাপাৰ ব্লক কংগ্ৰেছৰ বাকৰিত প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ১০৪ সংখ্যক জন্ম দিৱস উদযাপন কৰা হয়। বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক তফিকুৰ ৰহমানে আঁতধৰা অনুষ্ঠানটিত প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ প্ৰতিচ্ছবি বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে ক্ৰমে বড়িগোগ বনভাগ ব্লক কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতা আৰু শিক্ষাবিদ তথা জ্যেষ্ঠ কংগ্ৰেছী ইব্ৰাহীম আলীয়ে।
লগতে পঢ়কঃ ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰী সংৰক্ষণৰ বাবে বিশেষ প্ৰদক্ষেপ গ্ৰহণ