ETV Bharat / state

Child marriage in Nalbari: নলবাৰীৰ বৰক্ষেত্ৰীত উদ্বেগজনকভাৱে বৃদ্ধি বাল্য বিবাহ

author img

By

Published : Jan 19, 2023, 7:12 PM IST

সজাগতাৰ পিছতো নলবাৰী জিলাৰ বৰক্ষেত্ৰীত বৃদ্ধি পাইছে বাল্য বিবাহৰ ঘটনা (Child marriage in Nalbari)। এই অঞ্চলটোত এবছৰত ১৮ বছৰৰ তলৰ ৪৭২ গৰাকী কিশোৰী গৰ্ভৱতী হৈছে । বাল্য বিবাহ প্ৰথা ৰোধ কৰিবলৈ সকলোকে সজাগ হ'বলৈ আহ্বান মহকুমা স্বাস্থ্য বিষয়াৰ ।

Mukalmua Block Primary Health Centre
মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ চন্দ্ৰ দাস

নলবাৰী, ১৯ জানুৱাৰী: বাল্যবিবাহ, এক সামাজিক ব্যাধি (Child marriage in Assam)। এসময়ত ৰাজ্যত বহুলভাবে প্ৰচলন আছিল বাল্য বিবাহৰ । কিন্তু আজিৰ সমাজত শিক্ষিত লোকৰ হাৰ বৃদ্ধি হোৱাৰ লগে লগে সমাজত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে বাল্য বিবাহ । কিন্তু মুকালমুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়াই দিয়া এক তথ্যৰ পিছত সকলোৰে চকু কপালত উঠিছে (Mukalmua Block Primary Health Centre)। মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ চন্দ্ৰ দাসে উল্লেখ কৰা তথ্য অনুসৰি যোৱা এবছৰত মুকালমুৱাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন চিকিৎসালয়লৈ অহা ৪৭২ গৰাকী গৰ্ভৱতী মহিলাই হৈছে ১৮ বছৰৰ তলৰ ।

মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ চন্দ্ৰ দাসে কয় যে ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা এই বছৰৰ ১৯ জানুৱাৰীলৈকে এই ৪৭২ গৰাকী ১৮ বছৰৰ তলৰ প্ৰসূতিৰ একাংশই ইতিমধ্যেই সন্তান প্ৰসৱ কৰিছে (Sub Divisional Health Officer of Mukalmua Block)। আনহাতে, ইয়াৰে একাংশৰ এতিয়াও বিভিন্ন চিকিৎসালয়ত চিকিৎসা চলি আছে । তেওঁ পুনৰ উল্লেখ কৰি কয় যে মুকালমুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইৰ মুঠ গৰ্ভৱতী মহিলাৰ ১৩ শতাংশ গৰ্ভৱতী মহিলাই ১৮ বছৰৰ তলৰ ।

মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে কয় যে একমাত্ৰ বাল্যবিবাহৰ বাবেই এইসকল কিশোৰীয়ে কম বয়সতে গৰ্ভৱতী হ'বলগীয়া হৈছে । ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত এতিয়াও বাল্যবিবাহ অব্যাহত আছে । এই অঞ্চলটোত বাল্যবিবাহৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত চিকিৎসক, চিকিৎসাকৰ্মী সকলৰ লগতে সচেতন মহল চিন্তিত হৈ পৰিছে (Increase of child marriage at Mukalmuwa)।

জিলাখনত আৰ্থিক দৈন্য আৰু একাংশ অভিভাৱকৰ মাজত শিক্ষাৰ অভাৱৰ কাৰণে অঞ্চলটোত বাল্যবিবাহৰ ঘটনা বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ চন্দ্ৰ দাসে (Awareness programme on child marriage) । বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজক সজাগ হ'বলৈ তেওঁ আহ্বান জনায় । মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে কম বয়সতে লৰা-ছোৱালীক বিবাহপাশত আবদ্ধ নকৰাবলৈ অভিভাৱক সকলক আহ্বান জনাই কয় যে সন্তানক প্ৰথমে শিক্ষিত কৰিব লাগে । উপযুক্ত বয়সত লৰা-ছোৱালীক বিয়া পাতি দিবলৈ তেওঁ অভিভাৱকসকলক আহ্বান জনায় ।

লগতে পঢ়ক:Ranoj Pegu attending Gunotsav: প্ৰতিখন বিদ্যালয়ত একোটাকৈ ডিজিটেল ডিভাইছৰ ব্যৱস্থা কৰিব চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.