নলবাৰী , ২৯ জানুৱাৰী : আহি আছে বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণতে প্ৰতিষ্ঠিত ব্যৱসায়ী তথা অসম প্ৰদেশ কংগ্ৰেছৰ অন্যতম সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাৰ বাসগৃহত আয়কৰ বিভাগে শুকুৰবাৰে অভিযান চলাইছে । কংগ্ৰেছ নেতাগৰাকীৰ নলবাৰীৰ গোপাল বজাৰস্থিত বাসগৃহত আয়কৰ বিভাগৰ ৫ জনীয়া দলে বহু সময় ধৰি অভিযান চলায় । নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ নেতাগৰাকীৰ ঘৰত এনেদৰে অতৰ্কিতে আয়কৰ বিভাগে অভিযান চলোৱাত এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য়ই বিৰাজ কৰিছে ।
ইফালে জানিব পৰা মতে প্ৰদ্যুৎ ভূঞাৰ বাসগৃহৰ লগতে গুৱাহাটীত থকা তেওঁৰ ব্য়ৱসায়িক প্ৰতিস্থানটো আয়কৰ বিভাগে অভিযান চলাইছে । অৱশ্য়ে কি তথ্য়ৰ ভিত্তিত এই অভিযান চলোৱা হৈছে সেয়া এতিয়াও পোহৰলৈ অহা নাই ।
লগতে পঢ়ক : বটদ্ৰৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ শুভাৰম্ভণি