নলবাৰী,১৪ অক্টোবৰ: স্ব-গৃহ পালেহি বিষাক্ত ইনজেকশ্যন লৈ আত্মহনন কৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ হৃদ-বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰত টেকনিচিয়ান পাপু দাসৰ মৃতদেহ(GMCH suicide case) । মৃতদেহ আহি পোৱাৰ পাছতে নলবাৰীৰ বৰভাগৰ আৰংগমৌস্থিত পাপু দাসৰ গৃহত এক অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয় । কান্দোনত ভাগি পৰে আত্মীয় কুটুম্ব তথা ওচৰ-চুবুৰীয়া ।
উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত মহানগৰীৰ শ্ৰী মন্তপুৰৰ এটা ল'জত উদ্ধাৰ হৈছিল আৰংগমৌ নিবাসী পংকজ দাসৰ জ্যেষ্ঠ পুত্ৰ পাপু দাসৰ মৃতদেহ(ICU technician Papu Das commits suicide) । মাত্ৰ ২১ দিন পূৰ্বে জি এম চি এইচত আই চি ইউ টেকনিচিয়ান হিচাপে কৰ্তব্যত যোগদান কৰিছিল পাপু দাসে । জ্যেষ্ঠ কোনো বিষয়াৰে হোৱা মনোমালিন্যৰ বাবে ২২ বছৰীয়া যুৱকজনে জীৱনৰ চৰম পথ বাছি লোৱা বুলি চৰ্চা চলিছে ৷
অৱশ্যে পাপু দাসৰ আত্মহত্যা এই সন্দৰ্ভত পৰিয়ালৰ লোকে অজ্ঞতা প্ৰকাশ কৰিছে(Youth Suicide by consuming toxic injections) । তেওঁলোকেও চিকিৎসালয়ৰ জ্যেষ্ঠ কোনো বিষয়াৰে পাপু দাসৰ মনোমালিন্য হোৱাৰ কথা উল্লেখ কৰে ৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, পাপু দাসে মহানগৰীৰ শ্ৰীমন্তপুৰৰ এটা ল'জত আছিল ৷ ল’জৰ পৰাই কোনো লোকে ফোনযোগে পৰিয়ালৰ লোকক তেওঁ কিবা দ্ৰব্য সেৱন কৰাৰ কথা জানিবলৈ দিয়ে ৷
এই তথ্য লাভ কৰাৰ পাছতেই যুৱকজনৰ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হয় ৷ অৱশ্যে ল’জটোত এটাও চিচি টিভি কেমেৰা নথকাত আশ্চৰ্য প্ৰকাশ কৰিছে পাপু দাসৰ পৰিয়ালৰ লোকে ৷ তেওঁৰ পৰিয়াল লোকে যুৱকজনক সংকটজনক অৱস্থাত থকাৰ পিছতো ল'জৰ মালিকে চিকিৎসালয়লৈ নিনিয়া কাৰ্যটো ক্ষোভ প্ৰকাশ কৰিছে ।
জানিব পৰা মতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ICU ত টেকনিচিয়ান হিচাপে কৰ্মৰত পাপু দাসে বিষাক্ত ইনজেকশ্যন লৈ আত্মহনন কৰে (Employee commits suicide at GMCH due to a toxic injection) ।
লগতে পঢ়ক: GMCH suicide case : বিষাক্ত বেজী লৈ GMCH ত আত্মহত্যা কৰ্মচাৰীৰ