নলবাৰী, 27 নৱেম্বৰঃ পশ্চিম নলবাৰীত এতিয়া সহজলভ্য হৈ পৰিছে ব্ৰাউন ছুগাৰ, ড্ৰাগছ সহ বিভিন্ন নিচাযুক্ত দ্ৰব্য ৷ ফাৰ্মাচী, পান দোকানকে ধৰি বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানত সুলভ হৈ পৰিছে নিচাযুক্ত দ্ৰব্য ৷ তেনে সময়তে মঙলবাৰে নলবাৰীৰ চামতাত নলবাৰী আৰক্ষীয়ে এক ড্ৰাগ্ছ বিৰোধী অভিযান চলায় ৷ এই অভিযানত আৰক্ষীয়ে বৃহৎ পৰিমানৰ ব্ৰাউন ছুগাৰ জব্দ কৰে ৷
নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাৰ নেতৃত্বত নলবাৰী আৰু বেলশৰ থানাৰ যুটীয়া আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই বৃহৎ পৰিমানৰ নিচাযুক্ত দ্ৰব্য খিনি জব্দ কৰে ৷ তথ্য অনুসৰি, তুলিকা লেডিজ টেইলৰ্চ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্য খিনি জব্দ কৰে । AS-01-BP-2490 নম্বৰৰ এখন ওৱেগনাৰ গাড়ীত নিচাযুক্ত দ্ৰব্য খিনি অনা হৈছিল । এই অভিযানত আৰক্ষীয়ে ব্ৰাউন ছূগাৰ সৰবৰাহ কৰাৰ অভিযোগত মাজদিয়াৰ চাদ্দাম হুছেইন আৰু চামতাৰ বদন বৰ্মন নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে নিচাযুক্ত দ্ৰব্য সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা গাড়ী খনো জব্দ কৰে ৷