নলবাৰী, ১৩ জানুৱাৰী : নলবাৰীৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালৰ প্ৰসূতি বিভাগৰ চিকিৎসক ৰাতুল দাসক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ(National Health Mission, Government Of Assam) তৰফৰ পৰা Highest performing Laparoscopic Surgeon বঁটা প্ৰদান কৰা হয় । ডাঃ ৰাতুল দাসে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০২৩ চনৰ জানুৱাৰী মাহলৈ অসমৰ ভিতৰতে আটাইতকৈ বেছি মহিলাৰ লেপাৰোস্ক'পিক পদ্ধতিৰে সফলভাৱে বন্ধ্যাকৰণ কৰাৰ বাবে এই বঁটাৰে তেওঁক সন্মানিত কৰা হয় ৷
১১ জানুৱাৰীত গুৱাহাটীৰ গ্ৰেণ্ড ভৱেন্দ্ৰালয়ত অনুষ্ঠিত অসম চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ এখন সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তৰফৰ পৰা ডাঃ দাসক এই সন্মানেৰে সন্মানিত কৰা হয় ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালকা ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই(Dr. M S Lakshmi Priya, IAS) ডাঃ ৰাতুল দাসক এই বঁটা প্ৰদান কৰে । ডাঃ ৰাতুল দাসে ২০২২-২০২৩ বৰ্ষত নামনি অসমৰ বিভিন্ন জিলা বিশেষকৈ কামৰূপ গ্ৰাম্য, নলবাৰী, মৰিগাঁও, বঙাইগাঁও, অভয়াপুৰী, বাক্সা, গোৱালপাৰা, হোজাই জিলাত ১৩৭৩ গৰাকী মহিলা ৰোগীক এই লেপাৰোস্ক'পিক পদ্ধতিৰে সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল ।
ডাঃ ৰাতুল দাস বৰ্তমান নলবাৰী জিলাৰ মাখিবাহা আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক(Makhibaha Model Hospital Tihu, Nalbari) আৰু মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ স্ত্ৰী ও প্ৰসূতি বিভাগৰ চিকিৎসক হিচাপে কৰ্মৰত হৈ আছে(Mukalmua Sub-Divisional Civil Hospital) । ডাঃ দাসৰ এই কৃতিত্বত স্বাভাৱিকতে জিলাখনত কৰ্মৰত চিকিৎসকসকল উৎসাহিত হৈ পৰিছে । ডাঃ ৰাতুল দাসে স্বাস্থ্য বিভাগৰ পৰা বঁটা লাভ কৰাৰ বাবে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ চন্দ্ৰ দাসৰ লগতে চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্চ তথা কৰ্মচাৰীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে ।
ডাঃ ৰাতুল দাসে জানিবলৈ দিয়া মতে, প্ৰতিবছৰে অসম চৰকাৰৰ তৰফৰ পৰা অসমৰ বিভিন্ন স্থানত লেপাৰোস্ক'পিক ষ্টেৰেলাইজেছন কেম্প অনুষ্ঠিত হয় ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মুখ্য কাৰ্যালয়ৰ পৰা তেওঁক এই শিবিৰৰ ডেপুটেছন দিয়া হৈছিল ৷ তেওঁ আগতে নলবাৰী আৰু বাক্সা জিলাৰ এই শিবিৰত গৈছিল ৷ কিন্তু এইবাৰ তেওঁ নলবাৰী আৰু বাক্সাৰ লগতে কামৰূপ গ্ৰাম্য, মৰিগাঁও, বঙাইগাঁও, অভয়াপুৰী, গোৱালপাৰা, হোজাই আদি কেইবাখনো জিলালৈ ডেপুটেছন যাবলগীয়া হৈছিল আৰু ১৩৭৩ গৰাকী মহিলা ৰোগীক এই লেপাৰোস্ক'পিক পদ্ধতিৰে সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল ।