ETV Bharat / state

নলবাৰীত আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক হিমান বৰ্মনক বিদায় জনালে আছুৱে

author img

By

Published : Dec 21, 2020, 8:11 PM IST

সোমবাৰে আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক হিমান বৰ্মনক আনুষ্ঠানিকভাৱে বিদায় জনালে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই । নলবাৰীৰ শ্বহীদ ভৱনৰ বাকৰিত বিদায় সভা অনুষ্ঠিত কৰা হয় ।

নলবাৰীত আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক হিমান বৰ্মনক বিদায় জনালে আছুৱে
নলবাৰীত আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক হিমান বৰ্মনক বিদায় জনালে আছুৱে

নলবাৰী, ২১ ডিচেম্বৰ : নলবাৰীৰ শ্বহীদ ভৱনৰ বাকৰিত এক বিদায় সভাৰ আয়োজন কৰি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই আনুষ্ঠানিকভাৱে বিদায় জনায় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক হিমান বৰ্মনক । সোমবাৰে অনুষ্ঠিত এই সভাত প্ৰাক্তন সাংগঠনিক সম্পাদকগৰাকীলৈ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই এখন ফুলাম গামোচা, ফুলাম জাপি, মানপত্ৰ, গছ পুলি, শৰাই আৰু কলম আগবঢ়াই বিদায় জনায় ।

সদৌ নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ হৈ সভাপতি বিকাশ ভট্ট, সাধাৰণ সম্পাদক পংকজ বৰ্মন, নলবাৰী জিলা হাইস্কুল শিক্ষক সন্থাৰ হৈ সম্পাদক উমেশ চন্দ্ৰ দাস, ছাত্ৰ সন্থাৰ বিভিন্ন আঞ্চলিক সমিতিৰ লগতে নলবাৰীৰ বহু কেইটা দল-সংগঠনে প্ৰাক্তন ছাত্ৰ নেতা গৰাকীক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে । সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই আঁতধৰা অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদ, জিলা সভাপতি গুণজিৎ পাঠকে বক্তব্য আগবঢ়ায় ।

লগতে পঢ়ক:মৰাণত ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ লাইখুঁটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.