ETV Bharat / state

অসহায় বৃদ্ধাক বৃদ্ধাশ্ৰমত আশ্ৰয় প্ৰদান নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীৰ - বৃদ্ধাশ্ৰম

বিশেষভাৱে সক্ষম মহিলাগৰাকীয়ে পেটৰ তাড়নাত আঁকোৱালি লৈছিল ভিক্ষাবৃত্তিক । ভিক্ষাবৃত্তিত জড়িত হৈ ভাত মুঠিৰ ব্যৱস্থা কৰা বৃদ্ধাগৰাকী আশ্ৰয় লৈ আছিল একমাত্ৰ কন্যাৰ গৃহত ।

অসহায় বৃদ্ধাক বৃদ্ধাশ্ৰমত আশ্ৰয় প্ৰদান নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীৰ
author img

By

Published : Apr 23, 2019, 2:23 AM IST

নগাঁও,23 এপ্ৰিল : অসহায় এগৰাকী বৃদ্ধাক উদ্ধাৰ কৰি বৃদ্ধাশ্ৰমত আশ্ৰয়ৰ ব্যৱস্থা কৰি দিয়ে নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীয়ে । সোমবাৰে এক অসহায় অৱস্থাত বৃদ্ধাগৰাকীক নগাঁও ন্যায় প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ তৎপৰতাত এটি সঁজাতি দলে উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ পাচত ৰাঙলুস্থিত বৃদ্ধাশ্ৰমলৈ নিয়াৰ ব্যৱস্থা কৰে ৷

অসহায় বৃদ্ধাক বৃদ্ধাশ্ৰমত আশ্ৰয় প্ৰদান নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীৰ

উল্লেখ্য যে, বিশেষভাৱে সক্ষম মহিলাগৰাকীয়ে পেটৰ তাড়নাত বাধ্য হৈ আঁকোৱালি লৈছিল ভিক্ষাবৃত্তি । ভিক্ষাবৃত্তিত জড়িত হৈ ভাত মুঠিৰ ব্যৱস্থা কৰা বৃদ্ধাগৰাকী আশ্ৰয় লৈ আছিল একমাত্ৰ কন্যাৰ গৃহত। মহিলাগৰাকী নগাঁও চহৰৰ ডিমৰুগুৰি আমতল পথৰ প্ৰয়াত কেশৰাম কলিতাৰ পত্নী সৰুমাই কলিতা বুলি জানিব পৰা গৈছে ৷

sample description
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.