ETV Bharat / state

গ্ৰন্থপ্ৰেমীলৈ সুখবৰ : নলবাৰী জিলা পুথিভঁৰাললৈ গ্ৰন্থ উপহাৰ - গ্ৰন্থ উপহাৰ

নলবাৰীৰ জিলা পুথিভঁৰাললৈ ডেৰ শতাধিক গ্ৰন্থ আগবঢ়াইছে জিলাখনৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷ নৱপ্ৰজন্মক গ্ৰন্থৰ প্ৰতি আগ্ৰহান্বিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে উপায়ুক্ত গৰাকীয়ে ৷

গ্ৰন্থপ্ৰেমীলৈ সুখবৰ : জিলা পুথিভঁৰাললৈ গ্ৰন্থ উপহাৰ
author img

By

Published : Aug 3, 2019, 9:03 PM IST

নলবাৰী, 3 আগষ্ট : নলবাৰী জিলাৰ গ্ৰন্থপ্ৰেমীলৈ এক সুখবৰ ৷ জিলাখনৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত শনিবাৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা পুথিভঁৰাললৈ ডেৰ শতাধিক গ্ৰন্থ আগবঢ়োৱা হয় । বিশিষ্ট শিক্ষাবিদ ড. অমৰজ্যোতি চৌধুৰীয়ে ৰাজ্যত আৰম্ভ কৰা গ্ৰন্থ পঢ়াৰ আন্দোলনৰ অংশস্বৰূপে এনেদৰে জিলা পুথিভঁৰাললৈ গ্ৰন্থ আগবঢ়াই জিলা প্ৰশাসনে । উল্লেখ্য যে, গুৱাহাটী জিলা পুথিভঁৰালত অমৰজ্যোতি চৌধুৰীৰ নেতৃত্বত গ্ৰন্থ পঢ়াৰ আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছিল । গ্ৰন্থ পঢ়াৰ প্ৰতি নৱপ্ৰজন্মক আগ্ৰহান্বিত কৰাৰ উদ্দেশ্যে পৰ্যায়ক্ৰমে নলবাৰীৰ অন্য প্ৰান্তৰ গ্ৰন্থগাৰতো বিনামূলীয়াকৈ গ্ৰন্থ আৰু আলোচনী আগবঢ়োৱা হ'ব বুলি মন্তব্য কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷

গ্ৰন্থপ্ৰেমীলৈ সুখবৰ : জিলা পুথিভঁৰাললৈ গ্ৰন্থ উপহাৰ

উল্লেখযোগ্য যে, যিটো সময়ত চ'ছিয়েল মিডিয়াই সমগ্ৰ বিশ্বক গ্ৰাস কৰিছে তেনে সময়তে গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰিবলৈ উপায়ুক্ত গৰাকীয়ে লোৱা এই পদক্ষেপ প্ৰশংসনীয় । আনহাতে, জিলা উপায়ুক্ত গৰাকীৰ এই পদক্ষেপক সঁহাৰি জনাই উপায়ুক্ত গৰাকীৰ হাতত নিজে লিখা পাঁচখনকৈ কিতাপ পুথিভঁৰাললৈ আগবঢ়াই নলবাৰীৰ লিখক হিতেশ ডেকাই ৷

ETV BHARAT ASSAM

Intro:চচিয়েল মিডিয়াৰ গ্ৰাস কৰাৰ সময়তে গ্ৰন্থ প্ৰেমীৰ বাবে সুখৱৰ।।Body:নলবাৰীৰ গ্ৰন্থ প্ৰেমীৰ বাবে সুখবৰ।নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা পুথিভৰাললৈ ডেৰ শতাধিক গ্ৰন্থ আগবঢ়োৱা হয় ।বিশিষ্ট শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰীয়ে ৰাজ্যত আৰম্ভ কৰা গ্ৰন্থ পঢ়াৰ আন্দোলনৰ অংশ স্বৰূপে এনেদৰে জিলা পুথিভৰাললৈ গ্ৰন্থ আগবঢ়ালে জিলা প্ৰশাসনে ।উল্লেখ্য যে আজি ইতিমধ্যে গুৱাহাটী জিলা পুথিভৰালত শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰীৰ নেতৃত্বত গ্ৰন্থ পঢ়াৰ আন্দোলন ৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে ।গ্ৰন্থ পঢ়াৰ প্ৰতি আগ্ৰহ জন্মোৱাৰ উদ্দেশ্যে পৰ্য্যায়ক্ৰমে নলবাৰীৰ অন্য প্ৰান্ততো গ্ৰন্থ আৰু আলোচনী বিনামূলীয়াকৈ পঢ়াৰ বাবে পুথিভৰাললৈ আগবঢ়োৱা হ'ব বুলি উপায়ুক্ত গৰাকীয়ে জনায় ।উল্লেখযোগ্য যে যিটো সময়ত চচিয়েল মিডিয়াই গ্ৰাস কৰি উঠিছে তেনে সময়ত গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰিবলৈ লোৱা উপায়ুক্তৰ এই পদক্ষেপ প্ৰশংসনীয়।আনহাতে,জিলা উপায়ুক্ত গৰাকীৰ পদক্ষেপক সহাৰি জনাই নলবাৰীৰ লিখক হিতেশ ডেকাই উপায়ুক্ত গৰাকীৰ হাতত নিজে লিখা পাচখনকৈ কিতাপ পুথিভড়াললৈ আগবঢ়াই৷বাৰীৰ গ্ৰন্থ প্ৰেমীৰ বাবে সুখবৰ।নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা পুথিভৰাললৈ ডেৰ শতাধিক গ্ৰন্থ আগবঢ়োৱা হয় ।বিশিষ্ট শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰীয়ে ৰাজ্যত আৰম্ভ কৰা গ্ৰন্থ পঢ়াৰ আন্দোলনৰ অংশ স্বৰূপে এনেদৰে জিলা পুথিভৰাললৈ গ্ৰন্থ আগবঢ়ালে জিলা প্ৰশাসনে ।উল্লেখ্য যে আজি ইতিমধ্যে গুৱাহাটী জিলা পুথিভৰালত শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰীৰ নেতৃত্বত গ্ৰন্থ পঢ়াৰ আন্দোলন ৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে ।গ্ৰন্থ পঢ়াৰ প্ৰতি আগ্ৰহ জন্মোৱাৰ উদ্দেশ্যে পৰ্য্যায়ক্ৰমে নলবাৰীৰ অন্য প্ৰান্ততো গ্ৰন্থ আৰু আলোচনী বিনামূলীয়াকৈ পঢ়াৰ বাবে পুথিভৰাললৈ আগবঢ়োৱা হ'ব বুলি উপায়ুক্ত গৰাকীয়ে জনায় ।উল্লেখযোগ্য যে যিটো সময়ত চচিয়েল মিডিয়াই গ্ৰাস কৰি উঠিছে তেনে সময়ত গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰিবলৈ লোৱা উপায়ুক্তৰ এই পদক্ষেপ প্ৰশংসনীয়।আনহাতে,জিলা উপায়ুক্ত গৰাকীৰ পদক্ষেপক সহাৰি জনাই নলবাৰীৰ লিখক হিতেশ ডেকাই উপায়ুক্ত গৰাকীৰ হাতত নিজে লিখা পাচখনকৈ কিতাপ পুথিভড়াললৈ আগবঢ়াই৷Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.