ETV Bharat / state

টিহুৰ নাথকুছিত আৰক্ষীৰ অভিযানত জব্দ ৮ কেজি গাঞ্জা

author img

By

Published : Jun 25, 2021, 8:52 PM IST

নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে নলবাৰীৰ টিহুত আৰক্ষীৰ অভিযান । শুকুৰবাৰে টিহুৰ নাথকুছিত আৰক্ষীয়ে অভিযান চলায় । এই অভিযানত ৮ কেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে ।

Ganja seized in Tihu
টিহুৰ নাথকুছিত আৰক্ষীৰ অভিযানত জব্দ ৮ কেজি গাঞ্জা

নলবাৰী, ২৫ জুন : বৰ্তমান ৰাজ্যত সুৰা, ড্ৰাগছ, গাঞ্জা আদিৰ বেহা বন্ধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে প্ৰশাসন । প্ৰতিদিনে আৰক্ষীয়ে জব্দ কৰিছে নিচাজাতীয় দ্ৰব্য আৰক্ষীৰ জালত পৰিছে বহু অসাধু ব্যৱসায়ী । শুকুৰবাৰে টিহু আৰক্ষীয়েও নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায় । নলবাৰী জিলাৰ টিহুৰ নাথকুছিত আৰক্ষীয়ে অভিযান চলায় ।

এই অভিযানত আৰক্ষীয়ে ৮ কেজি গাঞ্জা(GANJA) জব্দ কৰে । টিহু থানাৰ আৰক্ষীয়ে টিহুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাথকুছিৰ ডুমুনী চ'কত গাঞ্জাখিনি জব্দ কৰে । এখন ফল-মূলৰ দোকানৰ পৰা গাঞ্জাখিনিৰ ওজন ৮ কেজি ২০০ গ্ৰাম । ফল-মূলৰ ব্যৱসায়ী পৰেশ লহকৰৰ পৰা এই গাঞ্জাখিনি জব্দ কৰা হয় ।

টিহু আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে পৰেশ লহকৰক । ধৃত পৰেশ লহকৰৰ ঘৰ টিহুৰ পুঠিমাৰীত বুলি জানিব পৰা গৈছে । ৰঙিয়াৰ এগৰাকী মহিলাৰ জৰিয়তে এই গাঞ্জাখিনি সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো কথা স্পষ্ট হ'ব ।

উল্লেখ্য যে, ৰাজ্যত নতুন চৰকাৰৰ গঠন হোৱাৰ পিছতে ড্ৰাগছ তথা আন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে । নগাঁও, মৰিগাঁও, ধুবুৰী, কামৰূপ আদি জিলাত নিচাজাতীয় সামগ্ৰীও জব্দ হৈছে । নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া এই মাৰাত্মক দ্ৰব্যসমূহৰ ক'লা বেহা বন্ধ কৰিবলৈ আৰক্ষীয়ে জিলাই জিলাই দিনে-নিশাই অভিযান চলাইছে । মাথো ধনৰ বাবে একাংশ অসাধু লোকে মাৰাত্মক দ্ৰব্যবোৰৰ নৱ প্ৰজন্মৰ মাজত সহজলভ্য কৰি তুলিছে ।

লগতে পঢ়ক:এটা চৰকাৰী বিভাগে মূহুৰ্ততে হত্যা কৰিলে শতাধিক দুষ্প্ৰাপ্য বগলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.