ETV Bharat / state

ঘগ্ৰাপাৰত বৃহৎ পৰিমাণৰ ভাং জব্দ: এজন আটক

অসম আৰক্ষী (Assam Police)য়ে ৰাজ্যত মাৰাত্মক ড্ৰাগছ, ভাং আদি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাবে অভিযান অব্যাহত ৰাখিছে । বিগত সময়ত আৰক্ষীয়ে বহু পৰিমাণৰ ড্ৰাগছ (Drugs), ভাং (Ganja) আদি নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে বহু কেইজন ব্যৱসায়ীকো আটক কৰে ৷

author img

By

Published : Jun 27, 2021, 9:16 AM IST

As_nlb_ganja-seize-at-nalbari-etv-bharat-assam_AS10004
ঘগ্ৰাপাৰত বৃহৎ পৰিমাণৰ ভাং জব্দ: এজন আটক

নলবাৰী, 27 জুন : নলবাৰী জিলাৰ ঘগ্ৰাপাৰত শনিবাৰে আৰক্ষী (Police)য়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং (Ganja) আৰু নগদ ধন জব্দ কৰে । ঘগ্ৰাপাৰৰ অজিত দাস নামৰ ব্যৱসায়ীজনৰ বাসগৃহৰ পৰা আৰক্ষীয়ে ভাং (Ganja)সহ নগদ ধনখিনি জব্দ কৰে । ঘগ্ৰাপাৰ আৰক্ষীয়ে অজিত দাসৰ ঘৰৰ পৰা প্ৰায় ৭,৩২ গ্ৰাম ভাঙসহ প্ৰায় ১২,৬২০ টকা জব্দ কৰে । ইফালে অজিত দাসকো ইতিমধ্যে ঘগ্ৰাপাৰ আৰক্ষীয়ে আটক কৰিছে ।

উল্লেখ্য যে, অসম আৰক্ষী (Assam Police)য়ে ৰাজ্যত মাৰাত্মক ড্ৰাগছ, ভাং আদি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে । বিগত সময়ত আৰক্ষীয়ে বহু পৰিমাণৰ ড্ৰাগছ (Drugs), ভাং (Ganja) আদি নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে বহুকেইজন ব্যৱসায়ীকো আটক কৰে ৷ শেহতীয়াভাৱে গঠিত চৰকাৰখনে শাসনভাৰ লোৱাৰ পাচত ব্যাপক ৰদবদল কৰিছিল প্ৰশাসনিক বিভাগত ৷ তেতিয়াৰে পৰা ৰাজ্যৰ জিলাসমূহত অপৰাধমূলক ঘটনা তথা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰে জিলা আৰক্ষী তথা প্ৰশাসন ৷

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই ড্ৰাগছমুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যত তৎপৰ হৈছে অসম আৰক্ষী ৷ প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে বহু সৰবৰাহকাৰী ৷ এই ক্ষেত্ৰত আৰক্ষীৰ লগতে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সজাগ হৈ উঠিছে সাধাৰণ জনতাও ৷

নলবাৰীৰ মুকালমুৱাৰ বৰ্ণিবাৰীত কিছুদিন পূৰ্বে আৰক্ষীয়ে প্ৰায় ১০০০ টা নিচাজাতীয় ক’ফ চিৰাপ (Cough Syrup)ৰ বটল উদ্ধাৰ কৰে ৷ ক’ফ চিৰাপ (Cough Syrup)ৰ বটলখিনিৰ মূল্য প্ৰায় এক লাখ হ’ব বুলি আৰক্ষী (Police)য়ে জানিবলৈ দিয়ে । ৰইছুদ্দিন নামৰ এজন লোকৰ পৰিত্যক্ত ঘৰ এটাৰ ভিতৰত পুতি থোৱা আছিল নিচাজাতীয় দ্ৰব্যখিনি ৷ কোনো দুষ্ট চক্ৰই পৰিত্যক্ত ঘৰটো ড্ৰাগছৰ বেহা কৰিবলৈ দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

লগতে পঢ়ক : অসম আৰক্ষীৰ ১৯৩ গৰাকী আৰক্ষী বিষয়াক বদলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.