নলবাৰী,16 ফেব্ৰুৱাৰীঃ ঐতিহ্যমণ্ডিত নলবাৰীৰ শ্ৰীশ্ৰীগণেশ মন্দিৰত সোমবাৰে ৩৮ সংখ্যক গণেশ পূজা উদযাপন কৰা হয় ৷ নলবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অৱস্থিত এই মন্দিৰত ৩৮ সংখ্যক গণেশ পূজা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ।
পূজা উপলক্ষে মন্দিৰ প্ৰাংগণত সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটে ৷ প্ৰায় ১৫,০০০ লোকৰ বাবে মন্দিৰ সমিতিয়ে ভোগ বিতৰণৰ ব্যৱস্থা কৰে ৷ আনহাতে, গণেশৰ ওচৰত ভক্তসকলে মংগল কামনা কৰি পূজা-অৰ্চনা কৰে ৷
লগতে পঢ়কঃ পূৱ ভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ