ETV Bharat / state

Savings Society fraud : সঞ্চয় সমিতিৰ নামত লুণ্ঠন, প্ৰৱঞ্চকক বিচাৰি হাহাকাৰ ভুক্তভোগীৰ - Savings Society fraud case in Guwahati

ৱান ষ্টাৰ নৱজাগৰণ উন্নয়ন সমিতি নামৰ এনজিঅ'টোত আপুনিও ধন সঞ্চয় কৰিছিল নেকি ? তেনেহ'লে সাৱধান হওক (NGO fraud case)। সাউকুচিৰ একাংশ দৰিদ্ৰ লোকৰ সঞ্চয় কৰা ধন লৈ উধাও এনজিঅ'টোৰ এজন সদস্য ।

Savings Society fraud
সঞ্চয় সমিতিৰ নামত লুণ্ঠন
author img

By

Published : Mar 4, 2023, 1:51 PM IST

সঞ্চয় সমিতিৰ নামত লুণ্ঠন

নলবাৰী, ৪ মাৰ্চ : ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰৱঞ্চনাৰ ঘটনা বৃদ্ধি পাইছে (Fraud case in Assam)। প্ৰৱঞ্চকৰ দলে প্ৰায়ে দুৰ্বলজনক লক্ষ্য কৰি লুণ্ঠন চলাই আহিছে । এইবাৰ তেনে এক প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হ'ল গুৱাহাটীত । মহানগৰীৰ সাউকুছিত প্ৰৱঞ্চনাৰ জাল পেলাই এজন যুৱকে লুটিলে প্ৰায় ২০ লাখ টকা । এতিয়া ভুক্তভোগীয়ে বিচাৰি ফুৰিছে অভিযুক্ত প্ৰৱঞ্চকজনক ।

অভিযোগ অনুসৰি নলবাৰীৰ লাৰকুছিৰ এজন যুৱকে বৃহৎ প্ৰৱঞ্চনাৰ জাল পেলাইছিল । যাৰ বলি হ'বলগীয়া হৈছে শতাধিক দৰিদ্ৰ লোক । মহিদুল ইছলাম নামৰ যুৱকজনে দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সাউকুছিত এটা ব্যক্তিগত চ'ছাইটিত সঞ্চয় কৰাৰ নামত ধন সংগ্ৰহ কৰি আহিছিল । ৱান ষ্টাৰ নৱজাগৰণ উন্নয়ন সমিতিৰ নামত অঞ্চলটোৰ লোকসকলৰ পৰা মহিদুলে সংগ্ৰহ কৰিছিল বহু পৰিমাণৰ ধন (One star Navajagaran Unnayan Samittee)।

বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ী আৰু দিন হাজিৰা কৰা ১০০ৰো অধিক লোকে দৈনিক আৰু সাপ্তাহিক হিচাপত যোৱা এবছৰ ধৰি মহিদুলৰ চ'ছাইটিত ধন জমা কৰি আহিছিল । কিন্তু যোৱা কিছুদিনৰে পৰা অভিযুক্ত প্ৰৱঞ্চক মহিদুলে এই সকলোবোৰ লোকৰ জমা ধন লৈ সাউকুছি অঞ্চলৰ পৰা অন্তৰ্ধান হয় । মহিদুলে তেওঁৰ ওচৰত ধন জমা কৰা লোকসকলক একোটাকৈ পাছবুক দিছিল, য'ত তেওঁৰ এনজিঅ'টোৰ মুখ্য কাৰ্যালয় মুকালমুৱা থানাৰ অন্তৰ্গত লাৰকুছিত অৱস্থিত বুলি উল্লেখ আছে (NGO cheated poor in Guwahati)।

সেই মৰ্মে ভুক্তভোগী লোকসকলৰ মাজৰ কেইজনমানে শনিবাৰে নলবাৰীৰ লাৰকুছিত উপস্থিত হয় । কিন্তু লাৰকুছিত সেই এনজিঅ'টোৰ কাৰ্যালয়ৰ কোনো অৱস্থিতি বিছাৰি নাপালে লোকসকলে । অৱশেষত লোককেইজনে মহিদুলৰ লাৰকুছিত থকা বাসগৃহত উপস্থিত হয় । পিছে বাসগৃহতো প্ৰৱঞ্চক মহিদুলক বিছাৰি নাপালে লোকসকলে ।

উল্লেখ্য যে যোৱা এক বছৰত প্ৰৱঞ্চক মহিদুলৰ চ'ছাইটিত সাউকুছিৰ ৰমজান আলীয়ে ১,০৯,০০০ টকা, সোনামিয়া আলীয়ে ৪০,০০০ টকা, জাহিদা বেগম আৰু চাহিল আলীয়ে ৫৫,০০০ টকা, ৰহিতন নেছাই ৭২,০০০ টকা, জৰিণা বিবিয়ে ৭২,০০০ টকা জমা কৰিছিল । এইসকল লোকৰ কোনোৱে যদি দৈনিক ২০০ টকাকৈ জমা কৰিছিল আন কোনোৱে দৈনিক ১০০ টকাকৈ জমা কৰিছিল (Savings Society fraud case in Guwahati)।

এই ভুক্তভোগী লোকসকলৰ উপৰিও সাউকুছি অঞ্চলৰ ১০০ৰো অধিক ক্ষুদ্ৰ ব্যৱসায়ী আৰু দিন হাজিৰা কৰা লোকে যোৱা এবছৰ ধৰি মহিদুলৰ চ'ছাইটিত টকা জমা কৰি আহিছে । সম্প্ৰতি অভিযুক্ত প্ৰৱঞ্চক মহিদুল ইছলাম পলাতক বুলি জানিবলৈ দিয়ে ভুক্তভোগীসকলে । অৱশ্যে শীঘ্ৰে লোকসকলে আইনৰ সহায় ল'ব বুলিও জনাইছে ।

লগতে পঢ়ক :Critical Care Hospital Scam: গোৱালপাৰাৰ ক্ৰিটিকেল কেয়াৰ হাস্পতালৰ বিৰুদ্ধে ৰোগীক লুণ্ঠনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.