ETV Bharat / state

Foundation day of Raijor dal: ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱসৰ মঞ্চত একেলগে বহিব ৰাইজৰ দল-অসম জাতীয় পৰিষদ

author img

By

Published : Jan 8, 2023, 3:09 PM IST

আজি নলবাৰীৰ বদনী আখিয়াত অনুষ্ঠিত হৈছে ৰাইজৰ দলৰ দ্বিতীয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস (Foundation day of Raijor dol) ৷ একেখন মঞ্চত বহিব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ ৷

Foundation day of Raijor dol
ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱসৰ মঞ্চত একেলগে বহিব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ
ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱস

নলবাৰী, ৮ জানুৱাৰী : অসমৰ ৰাজনীতিত সূচনা হ’ব নতুন ইতিহাসৰ । আঞ্চলিকতাবাদৰ ধজ্জা উৰুৱাই একেলগ হ’ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ । নলবাৰীৰ বদনী আখিয়াত ৰাইজৰ দলৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত একেখন মঞ্চত বহিব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃবৰ্গ (Foundation day of Raijor dol)।

নলবাৰীৰ বদনী আখিয়াত আজি অনুষ্ঠিত হৈছে ৰাইজৰ দলৰ দ্বিতীয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । এই প্ৰতিষ্ঠা দিৱসতেই দুটাকৈ আঞ্চলিকতাবাদী দলৰ মিত্ৰতা হ’ব বুলি জানিব পৰা গৈছে ৷ ৰাইজৰ দলৰ দ্বিতীয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত একেখন মঞ্চতে বহিব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (MLA Akhil Gogoi) আৰু অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা (Asom jatiyo parishad Jagadish Bhuyan)। আঞ্চলিকতাবাদৰ ধ্বজ্জা উৰুৱাই একেখন মঞ্চতে বহিব ৰাজ্যৰ নৱগঠিত আঞ্চলিকতাবাদী দল দুটা ৷

ৰাইজৰ দলৰ দ্বিতীয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে ৷ তাৰ পাচতেই বন্তি প্ৰজ্বলন কৰা হয় ৷ কা আন্দোলনত প্ৰাণ হেৰুওৱা পাঁচ গৰাকীকৈ শ্বহীদলৈ অনুষ্ঠানটোৰ যোগেদি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানটোত উপস্থিত ৰাইজৰ দলৰ প্ৰতিনিধি সকলে কা আন্দোলনৰ পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ।

নলবাৰীৰ বদনী আখিয়াত অনুষ্ঠিত ৰাইজৰ দলৰ দ্বিতীয় কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা । আগন্তক সময়ত ৰাজ্যৰ শাসনৰ পৰা বিজেপি দলটোক উৎখাত কৰাৰ লক্ষ্যৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মিত্ৰতা স্থাপনৰ দিশে আগবাঢ়িছে বুলি জানিবলৈ দিয়ে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই ৷ শক্তিশালী ঐক্যৱদ্ধ শক্তিৰে আঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যৰে দুয়োটা দলে মিত্ৰতাৰ হাত আগবঢ়াইছে বুলি জানিবলৈ দিয়ে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷

অসমৰ জাতীয় স্বাৰ্থত আঞ্চলিকতাবাদৰ পতাকা উৰুৱাই অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে অনাগত সময়ত ৰাইজৰ হৈ মাত মাতিব বুলি সদৰী কৰে ভাস্কো ডি শইকীয়াই । তদুপৰি ৰাজ্যত কা আইন বলৱৎ হ’লে দুয়োটা দলে একেলগ হৈ আন্দোলন কৰিব বুলি সংবাদ মাধ্যমৰ আগত তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক: Indian cricket team in Guwahati : গুৱাহাটী পালেহি ৰোহিত শৰ্মাসহ কেইবাজনো ক্ৰিকেট তাৰকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.