ETV Bharat / state

কৰ’ণা আতংকৰ মাজতে নলবাৰীত আৱদ্ধ বিদেশী পৰ্যটক

author img

By

Published : Mar 23, 2020, 3:41 PM IST

এমাহ পূৰ্বে ভাৰত ভ্ৰমণলৈ আহিছিল এঞ্জেলিকা শ্ৰেয়া নামৰ জাৰ্মান শিক্ষয়ত্ৰীগৰাকী ৷ প্ৰায় এমাহজুৰি ভাৰতৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণৰ অন্তত গুৱাহাটীত আহি উপস্থিত হয় এঞ্জেলিকা ৷ গুৱহাটীত থাকিবৰ বাবে হোটেল বিচৰাত কেনো হোটেল কৰ্তৃপক্ষই ৰাখিবলৈ মান্তি নহয় পৰ্যটকগৰাকীক ৷

foreigner took shelter at Nalbari
কৰ’ণা আতংকৰ মাজত নলবাৰীত আৱদ্ধ বিদেশী পৰ্যটক

নলবাৰী, 23 মাৰ্চঃ ৰাজ্যজুৰি বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ আতংক ৷ ইয়াৰ মাজতে নলবাৰীত আৱদ্ধ এগৰাকী বিদেশী পৰ্যটক ৷ এমাহ পূৰ্বে ভাৰত ভ্ৰমণলৈ আহিছিল এঞ্জেলিকা শ্ৰেয়া নামৰ জাৰ্মান শিক্ষয়ত্ৰীগৰাকী ৷ প্ৰায় এমাহজুৰি ভাৰতৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণৰ অন্তত গুৱাহাটীত আহি উপস্থিত হয় এঞ্জেলিকা ৷ গুৱহাটীত থাকিবৰ বাবে হোটেল বিচৰাত কেনো হোটেল কৰ্তৃপক্ষই ৰাখিবলৈ মান্তি নহয় পৰ্যটকগৰাকীক ৷ ইয়াৰ পিছতেই নলবাৰীৰ এজন গাড়ীচালক সুণীল বৈশ্যই তেখেতক নিজৰ ঘৰত আশ্ৰয় প্ৰদান কৰে ৷

ইতিমধ্যে জিএমচিএইচত পৰ্যটকগৰাকীৰ স্বাস্থ্যপৰীক্ষা কৰাৰ লগতে নলবাৰীতো স্বাস্থ্য বিভাগৰ দলে পৰীক্ষা কৰি আছুতীয়াকৈ থকাৰ পৰামৰ্শ দিছে ৷ মহিলাগৰাকীয়ে জাৰ্মান চৰকাৰক অতিশীঘ্ৰে তেওঁক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে যদিও এইপৰ্যন্ত জাৰ্মান দূতাবাসৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক- কৰ'ণা ভাইৰাছক লৈ কঠোৰ যোৰহাট জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.