ETV Bharat / state

নলবাৰীত প্ৰসাদত বিষক্ৰিয়া, অসুস্থ ১৩ৰো অধিক

author img

By

Published : Aug 20, 2019, 9:35 AM IST

নলবাৰীত পূজাৰ প্ৰসাদ খাই অসুস্থ কেইবাজনো লোক , চিকিৎসালয়ত পৰ্যাপ্ত বিচনাৰ অভাৱত মজিয়াতে শুই চিকিৎসা গ্ৰহণ ৰোগীৰ

নলবাৰীত পূজাৰ প্ৰসাদত বিষক্ৰিয়া

নলবাৰী, 20 আগষ্টঃ নলবাৰীত পূজাৰ প্ৰসাদ খাই অসুস্থ কেইবাজনো লোক ৷শনিবাৰে জিলাখনৰ পৰা কিছু নিলগত অৱস্থিত তিলানা গাঁৱৰ দিনেশ বৰুৱা নামৰ এজন লোকৰ ঘৰত সত্য নাৰায়ণ পূজাৰ বুট-মাহ আৰু পিঠাগুড়ি খোৱাৰ পাছৰে পৰা শিশু আৰু মহিলাসহ তেৰ জনতকৈও অধিক লোকৰ পেট চলা আৰম্ভ কৰে ৷ পৰৰ্ৱতী সময়ত অৰ্থাৎ সোমবাৰে সন্ধিয়া আক্ৰান্ত সকলো লোককে নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

নলবাৰীত পূজাৰ প্ৰসাদত বিষক্ৰিয়া

ইফালে পৰ্যাপ্ত বিচনাৰ অভাৱত ৰোগী সকলে মজিয়াতে শুই চিকিৎসা গ্ৰহণ কৰিব লগা হৈছে ৷ যি সময়ত অসম চৰকাৰে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ব্যাপক উন্নয়নৰ কথাৰে বিভিন্ন আঁচনি ঘোষণা কৰা দেখিবলৈ পোৱা যায় সেই সময়ত নলবাৰীৰ দৰে এখন আগশাৰীৰ চহৰত থকা চিকিৎসালয়ৰ এনে অৱস্থাই চকু কপালত তুলিছে সচেতন মহলৰ ৷

Intro:নলবাৰীত পুজাৰ প্ৰসাদ খাই অসুস্থ কেবাজনো লোক ।নলবাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি ।Body:নলবাৰীত সত্য নাৰায়ণ পুজাৰ প্ৰসাদ খাই অসুস্থ কেবাজনো লোক ।নলবাৰী চহৰৰ পৰা কিছু নিলগৰ তিলানা গাওঁত সংঘটিত হৈছে এই ঘটনা ।গাওঁখনৰ এলেংগীদল চুবুৰী নিবাসী দিনেশ বৰুৱাৰ ঘৰত সত্য নাৰায়ণ পূজাৰ বুট-মাহ আৰু পিঠাগুড়ি খোৱাৰ পিছৰে পেট চলা ৰোগত আক্ৰান্ত শিশু-মহিলা সহ তেৰ জনতকৈও অধিক লোক ।একেটা পৰিয়ালৰে আক্ৰান্ত পাচজনকৈ লোক ।
শনিবাৰে পূজা চলিছিল দিনেশ বৰুৱাৰ ঘৰত ।আক্ৰান্ত লোকসকলক সোমবাৰে সন্ধিয়া ভৰ্তি কৰোৱা হয় নলবাৰী অসামৰিক চিকিৎসালয়ত ।

চিকিৎসালয়ত নাই বিছনা ।মজিয়াতে চলিছে চিকিৎসা ।এনেদৰেই মজিয়াত শুই আক্ৰান্ত ৰোগীসকলে চিকিৎসকৰ পৰা গ্ৰহণ কৰিছে চিকিৎসা ।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.