ETV Bharat / state

নলবাৰীত জনকল্যাণ মঞ্চৰ খাদ্য সামগ্ৰী বিতৰণ - Janakalyan mancha at Nalbari

নলবাৰীৰ জিলাৰ এটা ব্যতিক্ৰমী স্বেচ্ছাসেৱী অনুষ্ঠান জনকল্যাণ মঞ্চৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ জিলাখনৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত 12 খনকৈ গাওঁত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ সংস্থাটোৰ ৷

Food distributed among 300 family by Janakalyan mancha at Nalbari
নলবাৰীত জনকল্যাণ মঞ্চৰ খাদ্য সামগ্ৰী বিতৰণ
author img

By

Published : Apr 16, 2020, 6:20 PM IST

নলবাৰী, 16 এপ্ৰিলঃ বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা মহামাৰীৰ বাবে দেশত চলি থকা লক ডাউনৰ বাবে চৌদিশে এতিয়া গৃহবন্দী জনতা ৷ লক ডাউনৰ বিভিন্ন দিশত অসুবিধাত পৰাৰ লগতে ভীষণ খাদ্য সংকটত পৰিছে দেশৰ বৃহৎ সংখ্যক জনসাধাৰণ ৷ কিন্তু অতি সুখবৰ যে আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াবলৈ বুলি আগবাঢ়ি আহিছে বিভিন্ন সংস্থা,সংগঠনৰ লগতে সচেতন ৰাইজ ৷

নলবাৰীত জনকল্যাণ মঞ্চৰ খাদ্য সামগ্ৰী বিতৰণ

বৃহস্পতিবাৰে নলবাৰীৰ জিলাৰ এটা ব্যতিক্ৰমী স্বেচ্ছাসেৱী অনুষ্ঠান জনকল্যাণ মঞ্চৰ তৰফৰ পৰা জিলাখনৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত 12 খনকৈ গাঁৱত 300 তকৈ অধিক পৰিয়ালৰ মাজত বিতৰণ কৰা হয় অত্যাৱশ্যকীয় সামগ্ৰী যেনে চেনী,চাহপাত বিস্কুট,গাখীৰৰ লগতে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী ৷ জনকল্যাণ মঞ্চৰ উদ্যোগত 20 গৰাকী সদস্যই বিতৰণ কৰে এই সামগ্ৰী সমূহ ৷ ইফালে চেণীকুছি গাঁৱৰ কন্যা মহাবিদ্যালয়ৰ শিক্ষক নকুল চন্দ্ৰ দাস আৰু ব্যৱসায়ী অঞ্জন দাসেও কেইবাটাও পৰিয়ালৰ মাজত যোগান ধৰে চাউল,ডাইল,চেনীকে ধৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী ৷

লগতে পঢ়কঃ ডিটেনশ্যন কেম্পৰ পৰা বন্দীক মুকলিৰ ক্ষেত্ৰত চৰ্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.