নলবাৰী, 25 আগষ্টঃ নলবাৰী সদৰ থানাৰ টাউন দাৰোগা শ্ৰীমন্ত ভৰালী 2013 চনত নলবাৰী জাপাৰকুচিৰ এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ৷ বিবাহৰ এবছৰৰ পাছতেই 2014 চনত এগৰাকী কন্যা সন্তানৰ পিতৃ হৈছিল শ্ৰীমন্ত ভৰালী ৷ পিছে সময় বাগৰাত মন সলনি হ'ল শ্ৰীমান্ত ভৰালীৰ । একেটা বিভাগতে কৰ্মৰত এগৰাকী আৰক্ষী উপপৰিদৰ্শকৰ প্ৰেমত পৰি দৈনিক পত্নীৰ সৈতে ঘৰুৱা কন্দলত লিপ্ত হোৱাৰ অভিযোগ শ্ৰীমন্ত ভঁৰালীৰ পত্নীৰ ৷ কেৱল সেয়াই নহয়, পত্নীক মাকৰ ঘৰলৈ পঠাই আৰক্ষী উপপৰিদৰ্শক গৰাকীৰ সৈতে নৈশ যাপন কৰাৰো অভিযোগ উত্থাপন কৰিছে ভঁৰালীৰ পত্নীয়ে ৷
আনহাতে দেওবাৰে থানাৰ সন্মুখতে থকা নিমন্ত্ৰণ নামৰ হোটেলৰ এটা কোঠাত প্ৰেমিকাৰ সৈতে হাতে লোটে ধৰা পেলালে দাৰোগাৰ পত্নীয়ে ৷ পত্নীক দেখি হোটেল এৰি পলায়ন দুয়ো প্ৰেমিক আৰক্ষী বিষয়াৰ । আনহাতে পত্নীয়ে নলবাৰী সদৰ থানাত সকলো কথা অৱগত কৰিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত উপায়ন্তৰ হৈ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পত্নীয়ে ৷